• অসম-মিজোৰাম সীমান্তৰ চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

    আঞ্চলিক
    অসম-মিজোৰাম সীমান্তৰ চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

    হাইলাকান্দি : অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ সংঘটিত কৰে। বুধবাৰে নিশা প্ৰায় দুটা বজাত পুনৰ মিজো দুৰ্বৃত্তই অসমৰ এখন চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ কৰে বুলি জানিব পৰা গৈছে। 





    আৰু পঢ়িব পাৰিব : আছুৰ কথা এতিয়া কোনেও নুশুনে, আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছেঃ অতুল বৰা






    হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলৰ মুল্লিবালা নিম্ন প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ হোৱা শৌচালয় আৰু পানীৰ টেংকিতত বোমা বিস্ফোৰণ কৰিছে মিজো দুৰ্বৃত্তই।  আজি জিলা উপায়ুক্ত মেঘ নিধি দহাল আৰু আৰক্ষী অধীক্ষক প্ৰবীন্দ্ৰ কুমাৰ নাথে বিস্ফোৰণথলী পৰিদৰ্শন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 





    আৰু পঢ়িব পাৰিব : দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা






    এই ঘটনা সৰ্ন্দভত অসম জাতীয় যুৱ-ছাত্ৰ পৰিষদৰ নেতা কবিৰউদ্দিন লস্কৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সীমান্ত সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক ওচৰত দাবী জনাইছে, অন্যথা বৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে লস্কৰে।