National
বকোঃ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী চোমাৰাংবাসীৰ ক্ষোভ অব্যাহত। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ গাঁওবাসীৰ। নাই বাট-পথ, নাই চৰকাৰী আৱাস, নাই বিজুলী বাতিৰ সংযোগ, নাই বিশুদ্ধ খোৱাপানীৰ আঁচনি, নাই শিক্ষানুষ্ঠান, নাই স্বাস্থ্যকেন্দ্ৰ।
আৰু পঢ়িব পাৰিব : আঞ্চলিক শক্তিৰ মহামিলন : ‘এজেপি-ৰাইজৰ দল’ৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন
গাঁওবাসীৰ আন এক গুৰুতৰ অভিযোগ যে, আজিলৈকে গাঁওখনত চৰকাৰীপক্ষৰ মন্ত্ৰী বিধায়কৰ কাৰো পদধূলি পৰা নাই। ভোট প্ৰদান কৰাৰ ক্ষেত্ৰতো গাঁওবাসীৰ ওপৰত চৰকাৰখনৰ এলাগী চাৱনি। গাঁওখনৰ ভোটাৰসকলক বিভক্ত কৰি প্ৰায় ৭/৮ কিলোমিটাৰ দূৰত্বত থকা বাংজেং, ড্ৰোনপাৰা আদি গাঁওসমূহত সেই গাঁওবোৰৰ বাসিন্দা হিচাপে ভোটপ্ৰদান কৰিবলৈ বাধ্য কৰাইছে।
আৰু পঢ়িব পাৰিব : বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী…
বছৰ বছৰ ধৰি চোমাৰাংবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰি আহিছে। সেয়ে সমাগত নিৰ্বাচন যদি চোমাৰাঙবাসীয়ে নিজ গাঁৱৰ বাসিন্দা হিচাপে ভোটপ্ৰদান কৰিবলৈ নাপায় তেন্তে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে।
Leave A Comment