• অসম সাহিত্য সভাই গ্রন্থাকাৰে প্ৰকাশ কৰা হেম বৰুৱা সম্পাদিত ‘পছোৱা’ উন্মোচন

    আঞ্চলিক
    অসম সাহিত্য সভাই গ্রন্থাকাৰে প্ৰকাশ কৰা হেম বৰুৱা সম্পাদিত ‘পছোৱা’ উন্মোচন

    ডিজিটেল ডেস্কঃ “আমাৰ স্বাভিমানৰ প্রতীক হেম বৰুৱা। হেম বৰুৱাই ‘পছোৱা’ নাম দি আলোচনী উলিওৱাটো আছিল অতি গুৰুত্বপূৰ্ণ কথা। ই এক বিশেষ অর্থ বহন কৰে। কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি অকলেই পছোৱা উলিয়াইছিল তাক ভাবি আচৰিত হওঁ।’’-স্বাধীনতাৰ এবছৰ পাছতে অর্থাৎ ১৯৪৮ চনত প্ৰকাশ পোৱা, এক যুগসন্ধিক প্রতিনিধিত্ব কৰা ‘পছোৱা’ আলোচনীখনৰ আটাইবোৰ সংখ্যা একত্ৰ কৰি সম্প্ৰতি অসম সাহিত্য সভাই গ্রন্থাকাৰে প্ৰকাশ কৰি উলিওৱা ‘পছোৱা’ উন্মোচন কৰি ‘প্ৰান্তিক’ আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাই আদি এইদৰে কয়। সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা প্রেক্ষাগৃহত সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সম্পাদক প্রদীপ বৰুৱাই লগতে কয়— “হেম বৰুৱাৰ বক্তৃতা শুনিবলৈ ডেকাকালত আমি উগ্ৰীৱ হৈ পৰিছিলোঁ। হেম বৰুৱা আমাৰ হার্টথ্রব আছিল। কটন কলেজত থাকোতে হেম বৰুৱাই আমাৰ ছাত্র প্রতিনিধিক প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ সৈতে সাক্ষাৎ কৰোৱাই দিছিল। ছাত্ৰৰ দাবী মতে অসমত তেল শোধনাগাৰ হোৱাটো সম্ভৱ হৈছিল।”






    ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰাৰম্ভতে ‘পছোৱা’ৰ গ্ৰন্থৰূপৰ সম্পাদক ড° পৰমানন্দ মজুমদাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ‘পছোৱা’ৰ সম্পাদনাৰ অভিজ্ঞতা বিবৰি কয় আৰু এনে এটি মহৎ কার্য সম্পন্ন কৰাৰ কাৰণে সাহিত্য সভাৰ ভূয়সী প্রশংসা কৰে। ভাষণ প্ৰসংগত ড০ মজুমদাৰে কয় যে— ‘‘অসমীয়া সাহিত্যলৈ ডাঃ দীননাথ শৰ্মা সম্পাদিত ‘আৱাহন’ আলোচনীয়ে লৈ অনা মুকলি বতাহ জাকতে আধুনিক অসমীয়া সাহিত্য ঠন ধৰি উঠিছিল, অসমীয়া সাহিত্যৰ পৰিধিয়ে ব্যাপকতা লাভ কৰিছিল। সেই বতাহ জাকতে জন্মলাভ কৰিছিল ৰঘুনাথ চৌধাৰী সম্পাদিত ‘জয়ন্তী আলোচনীয়ে, যিয়ে অসমীয়া সাহিত্যৰ বাস্তৱবাদী ধাৰাটিক প্রতিষ্ঠা কৰিছিল। এই ধাৰাটিৰ এটি সমৃদ্ধ আৰু পৰিণত ৰূপ আছিল হেম বৰুৱা সম্পাদিত মাহেকীয়া আলোচনী 'পছোৱা'। পছোৱাত অসমীয়া সাহিত্যৰ আধুনিক ধাৰাটি অতি সতেজ ৰূপ পাইছিল, তাৰ প্ৰধান গুৰিয়াল আছিল হেম বৰুৱা নিজেই। পছোৱাই সাহিত্যৰ দৃষ্টিভংগী যে সমাজ আৰু জীৱন বাদ দি নহয় সেই কথা প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।” সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সভাপতিৰ মন্তব্যত সভাৰ সভাপতি ড° কুলৰ শইকীয়াই কয়—“জয়ন্তী'ৰ পাততে এগৰাকী শক্তিশালী আধুনিক কবি হিচাপে আত্মপ্রকাশ কৰা হেম বৰুৱাৰ 'পছোৱা’ই আধুনিক অসমীয়া কবিতাক আৰু অধিক সুদৃঢ় কৰিছিল। অসমৰ চিন্তাশীল লেখকৰ উপৰি দেশ-বিদেশৰ চিন্তামূলক ৰূপান্তৰৰ চেতনাৰে সমৃদ্ধ দিকদর্শী ৰচনা প্ৰকাশ কৰি পছোৱাই প্ৰগতিবাদী চেতনাৰ ঢৌ বোৱাই আনিছিল। তেনেকৈ গল্পৰ শিতানটিতো সমাজৰ ৰুঢ় বাস্তৱৰ প্ৰতিচ্ছবিখন মূর্ত হৈছিল। ‘পছোৱা’ত আত্মপ্রকাশ কৰা বহুকেইজন লেখক পৰৱৰ্তী কালৰ অসমীয়া সাহিত্যৰ কৃতী কবি, গল্পকাৰ আৰু ঔপন্যাসিকৰূপে খ্যাতি লাভ কৰিছে।” ভাষণ প্ৰসংগত ড° শইকীয়াই হেম বৰুৱাৰ বৰ্ণময় জীৱন সন্দৰ্ভত আগন্তুক দিনত আলচ হোৱাটো কামনা কৰে।





    অনুষ্ঠানত পছোৱা উন্মোচনৰ উপৰি নতুন প্ৰজন্মৰ তিনিগৰাকী প্ৰতিভাশীল যুৱক-যুৱতীৰ দ্বাৰা তিনিটা বিশেষ কাৰ্যসূচী পৰিৱেশিত হয়। এইকেইটা হ’ল— কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৃষীকেশ গোস্বামীৰ ভ্ৰমণ সাহিত্য সম্বন্ধে চমু ভাষণ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা শইহকীয়াৰ হেম বৰুৱাৰ ভ্ৰমণ কাহিনী ‘সাগৰ দেখিছা’ৰ একাংশ পাঠ আৰু অভিনেত্রী আইচেংফা বৰুৱাৰ ‘মমতাৰ চিঠি’ কবিতাৰ আবৃত্তি। অনুষ্ঠানটিৰ আঁত ধৰে আৰু শলাগ জ্ঞাপন কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্র ত্রিদিব ভাগৱতীয়ে। আজিৰ অনুষ্ঠানতে উত্তৰ আমেৰিকা অসম সন্থাৰ সমন্বয়ক জোনালী বৰুৱা পাংগিতে ড° কুলধৰ শইেকীয়াক সন্থাৰ তৰফৰ পৰা আজীৱন সভ্য সম্মানেৰে সন্মানিত কৰে। অনুষ্ঠানত শান্তিকাম হাজৰিকা, অখিলঞ্জন দত্ত, অনুভৱ তুলসী, অৱনীমোহন চহৰীয়াকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি আৰু সংবাদ মাধ্যমৰ প্রতিনিধিসকল উপস্থিত থাকে।