Lifestyle
ইটানগৰ : অৰুণাচল প্ৰদেশত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। বিভিন্ন সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে ভাৰতীয় সেনাই অভিযান চলাই থকাৰ পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে দেওবাৰে অৰুণাচল প্ৰদেশৰ চাংলাঙত অসম ৰাইফলছ আৰু NSCN-K(YA) সংঘৰ্ষৰ সূত্ৰপাত হয় ।
জানিব পৰা মতে অসম ৰাইফলছৰ চাংলাঙস্থিত বেটলিয়ানৰ এটাৰ অভিযানকাৰী দলে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত চাংলাঙৰ এক বনাঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান চলাওতে দুয়োপক্ষৰ মাজত তুমূল সংঘৰ্ষ হয়। সংঘৰ্ষৰ পাছত অভিযানকাৰী দলটোৱে এগৰাকী দুদৰ্শ NSCNৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন NSCN সদস্যগৰাকীৰ নাম এছ এছ কৰ্পৰেল ৱাংগাই ৱাংপাং(২২) বুলি জানিব পৰা গৈছে। আটকাধীন ধৃত উগ্ৰপন্থী সদস্যগৰাকীৰ পৰা অভিযানকাৰী দলটোৱে AK 56 ৰাইফল এটা, ৩ টা মেগাজিন, ১২১ ৰাউণ্ড সক্ৰিয় গুলী, এটা 9MM পিষ্টল, পিষ্টলৰ মেগাজিন দুটা, ১০ ৰাউণ্ড সক্ৰিয় গুলী, হেন গ্ৰেনেড এটা, বহুসংখ্যক বিস্ফোৰক সমগ্রী, মোবাইল ফোন, ৰেডিঅ' ট্ৰেন্সমিটাৰ, নগদ কিছু টকা উপৰি বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উগ্ৰপন্থী সদস্যগৰাকীৰ ঘৰ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত চাচা নামৰ গাঁৱৰ বুলি সেনাৰ সূত্ৰত প্ৰকাশ কৰা হৈছে।
Leave A Comment