• অ’এলএক্স ব্যৱহাৰকাৰীলৈ সাৱধানবাণী!

    আঞ্চলিক
    অ’এলএক্স ব্যৱহাৰকাৰীলৈ সাৱধানবাণী!

    গুৱাহাটী: অ’এলএক্সত বস্তু বিক্ৰী অথবা ক্ৰয় কৰাসকললৈ সাৱধানবাণী। ছাইবাৰ অপৰাধীয়ে নজৰ ৰাখিছে অ'এলএক্সৰ ওপৰত। বস্তু ক্ৰয় কৰাৰ চলেৰে চিনাকি হৈ আপোনাৰ বেংক একাউণ্ট হেক কৰি লুটিব পাৰে ধন। ইতিমধ্যে এনে বহুকেইটা ঘটনা সংঘটিত হৈছে ৰাজ্যত।





    এইবাৰ তেনে এক নতুন এটা ঘটনা পোহৰলৈ আহিছে মহানগৰীৰ নিউ গুৱাহাটীত। ছাইবাৰ অপৰাধীৰ জালত পৰিছে নিউ গুৱাহাটীৰ পৰাগ দাস পথৰ নিবাসী অৰ্থাৎ কটন কলেজৰ ছাত্ৰ আকাশ নাথ। নিজৰ ডেক্সটপ বিক্ৰীৰ বাবে অ'এলএক্সত বিজ্ঞাপন দিছিল ছাত্ৰজনে। অতি কৌশল পূৰ্ণভাৱে ছাত্ৰজনৰ লগত অনলাইনত যোগাযোগ কৰি ক্ৰয় কৰাৰ ছলেৰে গ্ৰাহক ৰূপী ছাইবাৰ অপৰাধীয়ে ছাত্ৰজনৰ পৰা Google pay ৰ নম্বৰ লৈ একাউণ্ট হেক কৰি লুটিলে ২২হাজাৰ টকা।





    এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনৰ মাতৃ জিলমিল দাসে ইতিমধ্যে গীতানগৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।