Sports
গুৱাহাটী : আইডল কেলেংকাৰীক লৈ ৰাজ্যজুৰি সৃষ্টি হৈ আছে তীব্ৰ উত্তেজনা৷ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদত এই কেলেংকাৰীক লৈ অনুষ্ঠিত হয় এক বৈঠক৷ পল্লৱ ভট্টাচাৰ্যই দাখিল কৰা ৭০ পৃষ্ঠাজোৰা প্ৰতিবেদন গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই৷
এই প্ৰতিবেদনত দোষী সাব্যস্ত কৰে আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসক৷ দাসক জাননী প্ৰেৰণৰ সিন্ধান্ত কাৰ্যবাহী পৰিষদৰ৷ কন্দৰ্প দাসে ১০ দিনৰ ভিতৰত দিব লাগিব উত্তৰ৷ তাৰ পাছতে পুনৰ অনুষ্ঠিত হ'ব কাৰ্যবাহী পৰিষদৰ বৈঠক৷
সেই বৈঠকতে কন্দৰ্প দাসৰ বিৰুদ্ধে শাস্তিৰ সিন্ধান্ত ল'ব গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ বৈঠকৰ পাছতে মন্তব্য এই প্ৰকাশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে৷ দোষীক কোনো কাৰণতে সাৰি যাব দিয়া নহ'ব বুলিও মন্তব্য উপাচাৰ্যগৰাকীৰ৷
ইফালে এই কেলেংকাৰীৰে নাম সাঙোৰ খোৱা তদানীন্তন উপাচাৰ্য তথা দায়িত্ববাহী বিষয়াৰ তথ্য চৰকাৰক প্ৰদান কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ উল্লেখ্য যে ইউজিচিৰ অনুমোদন নোহোৱাকৈ ২১টাকৈ পাঠ্যক্ৰম চলাইছিল আইডল কৰ্তৃপক্ষই৷
Leave A Comment