• আইপিএলত জুনিয়ৰ তেণ্ডুলকাৰ, নিলামত ক্ৰয় কৰিলে মুম্বায়ে

    আঞ্চলিক
    আইপিএলত জুনিয়ৰ তেণ্ডুলকাৰ, নিলামত ক্ৰয় কৰিলে মুম্বায়ে

    মুম্বাই : এইবাৰ আই পি এলত খেলিব জুনিয়ৰ তেণ্ডুলকাৰে৷ মুম্বাই ইণ্ডিয়ানছে এইবাৰ আই পি এলৰ নিলামত ক্ৰয় কৰে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক৷ ২০ লাখৰ টকাত নিলাম হয় শচীনৰ পুত্ৰ অৰ্জুন। নিলামত প্ৰথমবাৰৰ বাবে ২১বছৰীয়া বাওঁহতীয়া পেচ বলাৰজন অন্তৰ্ভুক্ত হৈছিল। জুনিয়ৰ তেণ্ডুলকাৰে এতিয়ালৈ ক্ৰিকেটত বিশেষ সাফল্য অৰ্জন কৰা নাই যদিও তেওঁৰ প্ৰতিভাক লৈ ক্ৰিকেট মহলে আশা প্ৰকাশ কৰি আহিছে৷





    আৰু পঢ়িব পাৰিব : ভিছাৰ নিয়ম উলংঘা, ঘূৰাই পঠিয়ালে বাংলাদেশী ধৰ্ম প্ৰচাৰকক





    অৰ্জুনে এই বছৰ আই পি এলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে অৰ্জুনে ছৈয়দ মুস্তাক আলী ট্ৰফীত মুম্বাইৰ হৈ তেওঁ আত্মপ্ৰকাশ কৰিছিল। তেওঁ ১৯ৰ অনুৰ্ধ স্তৰ আৰু অন্যান্য বয়স-গোটৰ বিভিন্ন প্ৰতিযোগিতাত মুম্বাইৰ হৈ খেলিছিল। অৱশ্যে, তেওঁ শেহতীয়াকৈ বিজয় হাজাৰে ট্ৰফীৰ বাবে ঘোষণা কৰা মুম্বাই দলত স্থান লাভত ব্যৰ্থ হৈছিল।





    আৰু পঢ়িব পাৰিব : লাডাখ সীমান্তৰ বিবদমান স্থানৰপৰা আঁতৰিল ভাৰত-চীনৰ সৈন্য





    আইপিএলত এতিয়ালৈ পাঁচবাৰ বিজয়ৰ খিতাপ অৰ্জন কৰা মুম্বাই ইণ্ডিয়ানছে অৰ্জুনক বাছনি কৰাৰ ফলত তেওঁৰ ক্ৰিকেট কেৰিয়াৰ ইয়াৰ জৰিয়তে উপকৃত হ’ব বুলি আশা কৰা হৈছে৷ অৰ্জুনক সম্পূৰ্ণৰূপে তেওঁৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি দলটোৱে বাছনি কৰিছে বুলি প্ৰকাশ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়ৱৰ্ধনেই। অৰ্জুনক সময় দিয়াৰ প্ৰয়োজন হ’ব আৰু তেওঁৰ ওপৰত কোনো চাপ সৃষ্টি কৰা উচিত নহয় বুলিও মত প্ৰকাশ কৰিছে জয়ৱৰ্ধনেই।