Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ৰাঁচী: দেশে ক’ভিড সংকটৰে যুঁজ কৰি থকাৰ মাজতে চলি আছে হাইপ্ৰফাইল আইপিএল। এইবাৰো চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দি খেলপথাৰত নামিছে মহেন্দ্ৰ সিং ধোনী। এইবাৰ এতিয়ালৈ দলটোৰ প্ৰদৰ্শনো যথেষ্ট উন্নত। কিন্তু আইপিএলৰ মহা সমৰ চলি থকাৰ মাজতে মহেন্দ্ৰ সিং ধোনীলৈ আহিছে এটা দুখবৰ।
আৰু পঢ়িব পাৰিব:মৃত্যুৰ বাতৰি ভুৱা : কেনে আছে ভিতালী দাস?
ক’ভিডত আক্ৰান্ত হৈছে ধোনীৰ পিতৃ পান সিং আৰু মাতৃ দেৱকী দেৱী। সংবাদ প্ৰতিষ্ঠান এএনআয়ে প্ৰকাশ কৰা মতে, দুয়োকে আজি ৰাঁচীৰ এখন স্থানীয় হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে।
আৰু পঢ়িব পাৰিব: ক’ভিড সংকট : চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰিয়ংকাৰ
ধোনীৰ পিতৃ-মাতৃক ৰাঁচীৰ পালছ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোঁৱাৰ কথা প্ৰকাশ কৰি সংবাদ প্ৰতিষ্ঠানটোৱে সদৰি কৰিছে যে, ‘মহেন্দ্ৰ সিং ধোনীৰ পিতৃ-মাতৃ ক’ভিডত আক্ৰান্ত হৈছে আৰু তেওঁলোকক ৰাঁচীৰ পালছ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে। তেওঁলোকৰ অক্সিজেনৰ স্তৰ স্বাভাৱিক হৈ আছে।’
Leave A Comment