• আইপিএল : সমস্যাজৰ্জৰ ‘ৰাজস্থান ৰয়েলছ’ৰ সন্মুখত আন এক বিপদ

    আঞ্চলিক
    আইপিএল : সমস্যাজৰ্জৰ ‘ৰাজস্থান ৰয়েলছ’ৰ সন্মুখত আন এক বিপদ

    মুম্বাই : সমস্যাই লগ নেৰা হৈছে ৰাজস্থান ৰয়েলছক। চলিত আইপিএলত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন আশাব্যঞ্জক নহয়। তদুপৰি এজনৰ পাছত আনজন খেলুৱৈ আঘাতৰ সমস্যাত ভুগিছে। বাওঁহাতৰ আঙুলিৰ আঘাতৰ বাবে আইপিএলৰ পূৰ্বেই বেন ষ্টোকছে দলৰপৰা বাহিৰ হৈছে। এইবাৰ আঘাত পাইছে দলটোৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰে। আঙুলিৰ আঘাতৰ বাবে চলিত আইপিএলত পুনৰ দেখা পোৱা নাযাব খেলুৱৈগৰাকীক। ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ তৰফৰ পৰা চৰকাৰীভাৱে জনোৱা হৈছে এই কথা।





    আৰু পঢ়িব পাৰিব: নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯






    ভাৰতৰ বিৰুদ্ধে টুৰ্নামেন্ট খেলাৰ সময়তে জোফ্ৰা আৰ্চাৰে কান্ধত আঘাত পাইছিল। উন্নত চিকিৎসাৰ বাবে আধাতে খেল সামৰি খেলুৱৈগৰাকীয়ে নিজ দেশলৈ উভতি যায়। পূৰ্বৰ আঘাতৰ পৰা ক্ৰমাত সুস্থ হৈ উঠা খেলুৱৈগৰাকীয়ে মাছৰ একুৰিয়াম পৰিস্কাৰ কৰি থাকোঁতে আঙুলিত কাঁচ সোমাই যায়। অস্ৰোপচাৰৰ পাছত খেলুৱৈগৰাকীয়ে আইপিএলত অংশগ্ৰহণ কৰিব বুলি ৰাজস্থান ৰয়েলছৰ শিবিৰে আশা কৰিছিল যদিও ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ সিদ্ধান্তত হতাশ ৰাজস্থান ৰয়েলছৰ টীম মেনেজমেন্ট।





    আৰু পঢ়িব পাৰিব: কৰ’নাৰ কালৰূপ : শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক






    ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ তৰফৰ পৰা প্ৰেছ বিবৃতি যোগে সদৰি কৰিছে, ‘আৰ্চাৰে এই সপ্তাহৰ পৰা বলিং অনুশীলন আৰম্ভ কৰিছে। তথাপি খেলুৱৈগৰাকীয়ে খেলিব পৰা অৱস্থাত নাই।’ অহা ১৪দিনৰ ভিতৰত খেলুৱৈগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব বুলি ইংলেণ্ড ক্ৰিকেট বোৰ্ডে আশা কৰিছে। সুস্থ হৈ উঠিলেও আৰ্চাৰে আইপিএলত অংশগ্ৰহণ কৰিব নোৱাৰিব। কাৰণ, খেলত অংশগ্ৰহণ কৰিবলৈ হ’লে বাধ্যতামূলক কোৱাৰেন্টাইনত থাকিব লাগিব খেলুৱৈগৰাকী তেতিয়ালৈকে চলিত আইপিএল শেষ হ’ব।