• আইৰ মুখৰ ভাষা কাঢ়ি নিলে, জ্ঞানপীঠ বিজয়ীৰ চকুলো শুকুৱা নাই...

    আঞ্চলিক
    আইৰ মুখৰ ভাষা কাঢ়ি নিলে, জ্ঞানপীঠ বিজয়ীৰ চকুলো শুকুৱা নাই...

    ডিজিটেল ডেস্ক : আকৌ এবাৰ তেওঁৰ চকুত চকুপানী। আকৌ এবাৰ সেই কাতৰ আৰ্তি! আকৌ এবাৰ এক অসহায় ছটফটনি। অসয়ীয়া ভাষা-সাহিত্যৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছে। ভাষাটো লিৰিকি-বিদাৰি তাৰ নিৰ্যাস নিগৰাই তেওঁ সাহিত্যক সুবাসিত কৰিছে। ভাষাটোৰ গৰিমা, তাৰ গৰ্বক কৰি তুলিছে উদ্বেলিত। যিটো ভাষাৰ বাবে, যি সাহিত্যৰ ঐতিহ্যক আৰু অধিক উজ্জীৱিত কৰি তোলাৰ বাবে তেওঁ নিজৰ জীৱনটোকে উৎসৰ্গা কৰিছিল সেই ভাষা-সাহিত্য বৰ্তি থাকিবনে নাই তাক লৈ আজি জীৱনৰ বিয়লি বেলিকা তেওঁ শংকাত ভুগিবলগীয়া হৈছে। ভাষাটো এদিন কৰ’বাত লীন হৈ যাব, কোনো বহিঃশত্ৰুৱে গ্ৰাস কৰিব সেই শংকাত তেওঁ বাৰে বাৰে বাৰে যেন কঁপি উঠিছে। ভাষাটো বছাওক… বুলি তেওঁ কাতৰ কণ্ঠে তেওঁ ৰাজঘৰীয়াক অনুৰোধ কৰিছে।









    এই দৃশ্য দেখিবলগীয়া হোৱাটো নিসন্দেহে ভাষাপ্ৰেমী, জাতিপ্ৰেমী সকলো অসমীয়াৰ বাবেই কষ্টকৰ কথা। আমি ক’ব বিচাৰিছোঁ কবি নীলমণি ফুকনৰ কথা। অসমীয়া ভাষা-সাহিত্যৰ গৰ্বক পুনৰবাৰ বিশ্বৰ সন্মুখত উজলাই তোলা কবিগৰাকীৰ মুখত এতিয়াও লাগি আছে নিজৰ মাতৃক হেৰুওৱাৰ সংশয় আৰু অব্যক্ত বেদনা। ভাষাটোক তেওঁৰ নিজ মাতৃৰ দৰেই আতোলতোলকৈ বুকুত সুমুৱাই ৰাখিছে। আৰু ইয়াৰ উৎকৰ্ষৰ বাবে অহোপুৰুষাৰ্থ কৰি গৈছে। শেহতীয়াকৈ ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ স্বীকৃতি জ্ঞানপীঠেৰেও তেওঁ বিভূষিত হৈছে। তথাপি তেওঁৰ মনৰ পৰা যেন মাতৃক হেৰুওৱাৰ আশংকা আঁতৰা নাই। এই পৰিস্থিতিৰ সৃষ্টি কৰিছে কোনে? কাৰ ষড়যন্ত্ৰৰ বলি হ’বলৈ গৈ আছে অসমীয়া ভাষা?










    যোৱা বছৰ ‘কা’বিৰোধী আন্দোলনে যেতিয়া ভৰপক ৰূপ লৈছিল, তেতিয়াও এক অব্যক্ত বেদনাত ছটফটাইছিল ভাষাশিল্পী নীলমণি ফুকনে। ভাষা শিল্পক জীৱন শিল্পলৈ উত্তৰণ ঘটোৱা কবিগৰাকীৰ অন্তৰত বাৰে বাৰে এক সংশয় আৰু অসহায়তাৰ আৰ্তিয়ে ধুমুহা তুলিছিল। ‘কা’ বলৱৎ হ’ল ভাষাভিত্তিক পৰিচয়েৰে অস্তিত্ব বজাই ৰখা ৰাজ্যখনলৈ কি সংকট আহিব পাৰে সেই কথা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু উচুপি উচুপি কৈছিল, ‘আইৰ মুখৰ ভাষাটো হেৰাই যাব…’ ‘মাটিডোখৰ নাইকিয়া হ’ব…’, ‘ভেটিটো হেৰাই যাব…’ ‘কা’ৰ বিৰোধিতা কৰিবলৈ শাৰীৰিক বাধাৰ বাবে তেওঁ ৰাজপথত থিয় দিব পৰা নাছিল। কিন্তু মনৰ ভিতৰতে তেওঁ এখন প্ৰাণান্তক যুঁজ অহৰহ যুঁজি আছিল। আৰু তাৰেই প্ৰতিফলন ঘটিছিল তেওঁৰ এই কথাত। তেওঁৰ উচুপনিয়ে, তেওঁৰ চকুপানীয়ে শাসকৰ মন গলাব পৰা নাছিল ঠিকেই কিন্তু এটা ভাষাৰ বাবে এটা জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এগৰাকী সাহিত্য সাধকৰ, ভাষা জননীৰ এগৰাকী সুযোগ্য সন্তানৰ এই উচুপনি, এই ছটফটনিয়ে সমগ্ৰ অসমৰ আকাশতে যেন ঢৌ ধুমুহা তুলিছিল। সেই শংকা লৈয়েও তেওঁৰ জীৱনৰ এই শেষ সময়খিনি কটাবলগীয়া হোৱাটো জাতিটোৰ বাবেই দুৰ্ভাগ্যৰ কথা নহয়নে? তেওঁ আজি পুনৰ একেখিনি কথাকে কৈ পুনৰ উচুপি উঠিল এগৰাকী জনপ্ৰতিনিধিৰ ওচৰত।









    ‘জ্ঞানপীঠ’প্ৰাপক কবিঋষি নীলমণি ফুকনক অভিনন্দন জনাবলৈ তেওঁৰ ঘৰলৈ গৈছিল শিক্ষামন্ত্ৰী ৰনোজ পেগু। পেগুক ভাষাৰ ৰক্ষাৰ কথা কৈ পুনৰ আৱেগিক হৈ পৰিল কবিগৰাকী। অতি আৱেগসিক্ত কণ্ঠেৰে তেওঁ ক’লে, ‘তোমাৰ কথা বহুত শুনিছোঁ… কৃতি ছাত্ৰ… বহুত কাম কৰিব পাৰিবা ঈশ্বৰে কৰিলে। বহুত কাম আছে, সঁচাকৈ যদি কৰোঁ বুলি ভাবা। কিন্তু ভাই, ভাল পালেও বেয়া পালেও মই ক’ম দেই— মাতৃভাষাটো নেৰিবা। ইমান প্ৰতিযোগিতাৰ মাজত খাৰখোৱা অসমীয়াই কি কৰিব?… সাধ্য আছেনে?… কিবা প্ৰকাৰে ৰক্ষা কৰিব লাগিব। এনেকুৱা এটা সুৱদী ভাষা… মৌ বোৱাদি বয়…। অসমখন বৰ ধুনীয়া দেশ অ’… বৰ ধুনীয়া দেশ…! তেওঁলোকে (আহোমসকলে) ইয়ালৈ যেতিয়া প্ৰথম নামি আহে… সোণাৰিৰ ওচৰেদি… নামি আহোঁতেও তেওঁ কৈছিল, মুন লুং চুং খাম… এখন সোণোৱালী বাগিচাৰ দেশ।’









    কবিগৰাকীয়ে এইকথা কোৱাৰ মাজতে আৱেগে বাৰে বাৰে ৰুদ্ধ কৰিলে তেওঁৰ কণ্ঠ। কাষত ৰৈ তেওঁ জীৱনৰ যোগ্য সহচৰ পত্নী দুলুমণি ফুকনে ক’লে, থাকিব থাকিব আপুনি চিন্তা নকৰিবা। শুনা গ’ল মন্ত্ৰীৰ পেগুৰ কণ্ঠও… আমি আছোঁ নহয় এতিয়া। সকলো ঠিক হ’ব? কিন্তু প্ৰশ্ন হ’ল সকলো ঠিক সঁচকৈয়ে হ’বনে? অসমীয়া ভাষাৰ বিৰুদ্ধে অহৰহ চলি থকা নানা ষড়যন্ত্ৰ, ‘কা’ নামৰ এখন চোকা তৰোৱালৰ ভাবুকি ওফৰাই অসমীয়া ভাষা জীয়াই থাকিবনে? অসমীয়া ভাষা-সাহিত্যক সৰ্বতোপ্ৰকাৰে মহিমামণ্ডিত কৰি তোলা কবি নীলমণি ফুকনৰ দৰে ভাষাপ্ৰাণ, জাতিপ্ৰাণৰ বাবে নিৰ্ভয়তাৰ বাণী দিবলৈ আমাৰ শাসক তথা জাতিৰ কাণ্ডাৰীসকল সক্ষম হ’বনে? যিটো ভাষাৰ, যিখিনি সাহিত্যৰ উৎকৰ্ষৰ বাবে এইসকল পুৰোধাই জীৱনটোকে পাত কৰিলে তেওঁলোকৰ ত্যাগক মূল্য দিবলৈ অসমীয়া জাতিয়ে দায়বদ্ধতাৰে কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’বনে?