• আজিৰ হাইভল্টেজ মেচত আইপিএলৰ দুই প্ৰতিদ্বন্দী

    আঞ্চলিক
    আজিৰ হাইভল্টেজ মেচত আইপিএলৰ দুই প্ৰতিদ্বন্দী

    নতুন দিল্লীঃ চলিত আইপিএলৰ ২৭ সংখ্যক খেলখনত আজি দিল্লীত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ মুখামুখী হ'ব তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ| উল্লেখযোগ্য যে, ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে তিনিবাৰকৈ আইপিএল ট্ৰফী হাতত তুলি লৈছে| আনহাতে, ৰেহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে সৰ্বাধিক ৫বাৰ আইপিএলৰ খিতাপ জয় কৰিছে| এনে পৰিপ্ৰেক্ষিতত আজিৰ হাইভল্টেজ খেলখনে আইপিএলৰ আকৰ্ষণ বৃদ্ধি কৰিছে|





    আৰু পঢ়িব পাৰিব : অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য





    বিগত বৰ্ষত চেন্নাই ছুপাৰ কিংছৰ প্ৰদৰ্শন আশানুৰূপ নাছিল| কিন্তু চলিত আইপিএলত যেন পূৰ্বৰ গতি উভতাই পাইছে দলটোৱে| চলিত আইপিএলত এতিয়ালৈ দলটোৱে ৬ খেলৰ ৫খনত জয়লাভ কৰি +১.৪৭৫নেট ৰানেৰে পইণ্ট তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হৈছে চেন্নাই| ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে একপক্ষীয় যুঁজে ধোনীৰ লগতে সতীৰ্থ খেলুৱৈৰো আত্মবিশ্বাস দৃঢ় কৰি তুলিছে| জাদেজাৰ আক্ৰনাত্মক শ্বট, ফাফ ডু প্লেছি আৰু ৰিটুৰাজৰ গায়কবাড়ৰ আকৰ্ষণীয় যুটিয়ে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দলটোক বেটে-বলে কিদৰে প্ৰসাৰতা আনি দিয়ে, এয়াহে হ’ব লক্ষ্যণীয় হ'ব|





    আৰু পঢ়িব পাৰিব : কপিলী নৈত সন্ধানহীন হোৱা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ





    আনহাতে, মুম্বাই ইণ্ডিয়ানছে ৬খন খেলৰ ৩খনত জয়লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত অৱতীৰ্ণ হৈছে| এতিয়ালৈ ৩খন খেলত পৰাজয় হ'বলগা হৈছে যদিও পঞ্জাব কিংছৰ বিৰুদ্ধে জয়ী হোৱা ৰোহিত বাহিনীয়ে আত্মবিশ্বাস ঘূৰাই পাইছে| বেটিং-বলিং-ফিল্ডিং গোটেইকেইটা অৰ্ডাৰতে অপৰীসীম ক্ষমতা আছে মুম্বাইৰ| ৰাহুল চাহাৰ, জয়প্ৰীত বুমৰাহ, ট্ৰেণ্ড বোল্ডৰ বলিং পাৰদৰ্শিতাই দিল্লীত ভেটিব পাৰিব নে চেন্নাইক?