• আজি মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস; এক আলোকপাত

    আঞ্চলিক
    আজি মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস; এক আলোকপাত

    অসমীয়াৰ এটা অতিকৈ আপোন নাম মামণি ৰয়চম গোস্বামী৷ সাহিত্য জগতৰ সৈতে জড়িত নথকা মানুহ বা তেওঁৰ এখনো কিতাপ নপঢ়া মানুহেও মামণি ৰয়চম নামটো শুনিছে বা তেওঁক চিনি পায়। ইয়াতেই এটা জীৱনৰ সাৰ্থকতা। ঘন কেঁকোৰা চুলি,হাঁহিমুখীয়া মুখ,চকুত ডাঠ কাজল,কপালত এটা ডাঙৰ ৰঙা ফোঁট, এসাজ ৰঙীন কাপোৰৰ আঁৰত থকা মানুহজনী প্ৰতিজন অসমীয়াৰ অতি পৰিচিত আৰু অতি আপোন। কায়িকভাবে মামণি ৰয়চম গোস্বামী আঁতৰি যোৱা আজি ১০ বছৰ হ'ল।২০১১ চনৰ ২৯ নৱেম্বৰ তাৰিখে অসমীয়া সাহিত্য তথা সমাজ জীৱনক উকা কৰি পৰলোকলৈ গমন কৰিছিল মামণি বাইদেউৱে। ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাই সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গৈছিল। সেই শোক মাৰ নাযাওতেই কেইদিনমানৰ পাছতেই মামণি বাইদেউও তেওঁৰ পাছে পাছে গুচি গৈছিল। সমগ্ৰ অসমক এই অপূৰণীয়ে ক্ষতিয়ে দুখৰ কলীয়া ডাৱৰ হৈ ছানি ধৰিছিল। দুগৰাকীকৈ মহীৰূহক একেলগে হেৰুৱাই অসমৰ ভেটিয়েই যেন লৰক-ফৰক হৈ পৰিছিল।ভূপেন হাজৰিকাৰো অতি মৰমৰ আৰু আপোন আছিল মামণি ৰয়চম গোস্বামী।





    জ্ঞানপীঠ বঁটাৰে সন্মনিত মামণি বাইদেউৰ পিতৃ প্ৰদত্ত নাম আছিল ইন্দিৰা গোস্বামী৷ কামৰূপৰ আমৰঙা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সদস্য উমাকান্ত গোস্বামীৰ দ্বিতীয় পত্নী অম্বিকা দেৱীৰ গভৰ্ত ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে তেওঁ জন্মলাভ কৰিছিল৷ ইন্দিৰা গোস্বামীৰ পিতৃও আছিল এগৰাকী সফল শিক্ষাবিদ৷ উল্লেখযোগ্য যে তেখেত চিলেটৰ ‘মুৰাৰী চান্দ কলেজ’ৰ লগতে অসমৰ ঐতিহ্যমণ্ডিত ‘কটন কলেজ’ত অথৰ্নীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী সময়ত, ১৯৫০ চনত তেখেত অবিভক্ত অসমৰ শিক্ষাধিকাৰ ৰূপেও নিযুক্ত হৈছিল৷ জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে ইন্দিৰা গোস্বামীৰ জন্ম হোৱাত জৱাহৰলাল নেহৰুৰ কন্যা ইন্দিৰা নামেৰে নিজ কন্যাৰ নামো তেওঁ ৰাখে ইন্দিৰা গোস্বামী। মাতৃয়ে মৰমতে তেওঁক মাতিছিল মামণি বুলি৷ উল্লেখ্য যে মামণি বাইদেউৰ যেতিয়া জন্ম হৈছিল মঙল চোৱা এজন মানুহৰ ওচৰত তেওঁৰ মঙল চোৱাওতে কৈছিল যে এইজনী এজনী অমংগলীয়া ছোৱালী জন্ম হৈছে। ঘৰখনৰ কাৰণে তাই বিপদ মাতি আনিব। হয় তাইক নিমখ খুৱাই মাৰি পেলাওক নহয় নদীত উটুৱাই দিয়ক।মাতৃৱে এই কথা শুনি বহুত ভয় খাইছিল আৰু সকলোৰে পৰা কথাটো লুকুৱাই ৰাখিছিল। অমংগলীয়া হলেও তাই মোৰ নিজৰ পেটৰ সন্তান তাইক মই সুসন্তানৰূপে গঢ়ি তুলিম বুলি মামণি বাইদেউৰ মাতৃ নিজৰ ওচৰতে সংকল্পবদ্ধ হৈছিল। ইয়াৰ পাছৰখিনি মাঁথো ইতিহাস। মঙল চাওতে অমংগলীয়া বুলি কোৱা ছোৱালীজনী অসমৰে এক উজ্জল নক্ষত্ৰ হৈ পৰিল।





    মামণি ৰয়চম গোস্বামীৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত৷ ১৯৫০ চনত পিতৃ অবিভক্ত অসমৰ শিক্ষাধিকাৰ হিচাপে নিযুক্ত হোৱাত পৰিয়ালটো শ্বিলঙলৈ যায় আৰু তাৰে পাইন মাউণ্ট স্কুলত নামভৰ্তি কৰিছিল৷ ১৯৫৪ চনত তেওঁলোক পুনৰ গুৱাহাটীলৈ ঘূৰি আহে। এইবাৰ মামণি বাইদেউৰ শিক্ষা জীৱন আৰম্ভ হয় তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ এইখন বিদ্যালয়ৰ পৰা ১৯৫৬ চনত মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নামভৰ্তি কৰে৷ অৱশ্যে পৰৱৰ্তী সময়ত কটন কলেজৰ পৰাহে তেওঁ স্নাতক উপাধি লাভ কৰে৷ মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে তেওঁৰ ‘বন হংসিনী’ নামৰ অনাতাঁৰ নাটখন আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে সম্প্ৰচাৰ হৈছিল৷ ১৯৫৫ চনৰ পৰা ১৯৬০ চনৰ সময়ছোৱা আছিল মামণি বাইদেউৰ বাবে আছিল অতি দুৰ্যোগৰ কাল৷





    ১৯৫৫ চনত মামণি বাইদেউৰ পিতৃ ককৰ্ট ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ মামণি বাইদেউৰ মনত সৰুৰে পৰা এটা কথাই বাহ লৈছিল যে পিতৃৰ মৃত্যুৰ পাছত আৰু তেওঁ জীয়াই থাকিব নোৱাৰে। পিতৃৰ মৃত্যু হ'লে তেৱো কৰিব আত্মহত্যা। ১৯৬০ চনত তেখেতৰ প্ৰিয় খুৰাক চন্দ্ৰকান্ত গোস্বামীৰো আকস্মিক বিয়োগ ঘটে৷ এনে বিভিন্ন ঘটনাৰ বাবে তেওঁৰ মনত বাহ ল'লে গভীৰ নিঃসংগতাবোধে৷ আনকি এই নিঃসংগতাবোধ ইমানে তীব্ৰ হৈ পৰিছিল যে তেখেত আত্মহত্যা কৰিবলৈ আগবাঢ়িছিল কিন্তু সেই সময়ত নিয়তিয়ে তেওঁৰ কপালত মৃত্যু লিখি থোৱা নাছিল, ফলত সম্ভাব্য মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিছিল মামণি ৰয়চম গোস্বামী৷ এনে ঘটনাৰ বাবে সমাজত তেওঁ সমালোচনা তথা বদনামৰো পাত্ৰী হৈছিল৷ সেই দুযোগপূৰ্ণ সময়ছোৱাতে ১৯৬৫ চনত দাক্ষিণাত্যৰ পৰা অসমলৈ অহা তৰুণ অভিযন্তা মাধবেন ৰয়ছম আয়েংগাৰৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়৷ বিবাহৰ এবছৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ পৰা তেখেত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল৷ কিন্তু দুৰ্ভাগ্যক্ৰমে বিবাহৰ ১৮ মাহ পাছতে ১৯৬৭ চনৰ ১৫ এপ্ৰিলত এক পথ দুৰ্ঘটনাত স্বামী মাধৱেনৰ মৃত্যু হোৱাত তেখেতে অকাল বৈধব্যক আঁকোৱালি ল'ব লগা হয়৷ স্বামীৰ মৃত্যুৰ পিছত তেখেত অসমলৈ ঘূৰি আহে আৰু গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষক হিচাপে যোগদান কৰে৷ অৱশ্যে বৰ বেছিদিন তেখেত সেই স্কুলত থাকিব নোৱাৰিলে৷ তাৰ পৰা ওলাই আহি ‘তুলসী দাসৰ ৰাম চৰিত মানস আৰু মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন’ শীষৰ্ক বিষয়টি লৈ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু তত্ত্বাৱধানত গৱেষণা আৰম্ভ কৰে৷





    গৱেষণাৰ কামতে ১৯৬৯ চনত তেখেত বৃন্দাবনলৈ যাত্ৰা কৰিছিল৷ গৱেষণা কৰি থকা কালছোৱাতে, ১৯৭১ চনত তেখেত ‘দিল্লী বিশ্ববিদ্যালয়’ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে নিযুক্ত হয়৷ ১৯৭৩ চনত তেখেত কৰা গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট উপাধি প্ৰদান কৰে৷ পৰৱৰ্তী সময়ছোৱাত তেখেত সাহিত্য সংস্কৃতি আৰু বিদ্যায়তনিক বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ সাফল্য লাভ কৰিছিল আৰু সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছিল৷ এই গৰাকী কথাশিল্পীয়ে ৭০ বছৰ বয়সত ২০১১ চনৰ ২৯ নৱেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে৷ মামণি ৰয়চম গোস্বামী সাহিত্যিকৰ উপৰিও আছিল এক সাহসী প্ৰতিবাদী কণ্ঠৰ গৰাকী। সমাজে নাৰীৰ পক্ষে বান্ধি দিয়া কিছুমান ৰীতি-নীতি তেওঁ সাহসেৰে উফৰাই পেলাইছিল। স্বামীৰ মৃত্যুৰ পাছতো তেওঁ কপালত আঁকিছিল ৰঙা ফোঁট, পিন্ধিছিল ৰঙা সাজ। ভাৰতীয় সমাজ ব্যৱস্থাত বিধৱা মহিলাৰ বাবে ৰঙা নিষিদ্ধ কিন্তু তেওঁ নিজক বেছিকৈ ৰঙাৰে সজাই সেই ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। অসমীয়া মানুহে তেওঁক কেৱল সাহিত্যিক হিচাপেই নহয়, এগৰাকী সাহসী মহিলা হিচাপেও মনত ৰাখিছে। মানুহৰ প্ৰতিও আছিল এক মানৱ দৰদী মন। যিয়ে বিপদত পৰিছে তেওঁলৈকে মামণি বাইদেউৱে আগুৱাই দিছিল সাহস,মমতাৰে ভৰা হাতখনি। মামণি ৰয়চম গোস্বামীৰ সাহিত্য কৃতি আৰু বিভিন্ন বঁটা-বাহনৰ বিষয়ে উল্লেখ কৰা হ'ল-





    উপন্যাস





    চেনাবৰ স্ৰোত (১৯৭২)
    নীলকণ্ঠী ব্ৰজ (১৯৭৬)
    অহিৰণ (১৯৮০)
    মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)
    দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)
    সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯)
    ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)
    তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)
    মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮)
    দাশৰথীৰ খোজ (১৯৯৯)
    ছিন্নমস্তাৰ মানুহটো (২০০১)
    থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)





    চুটিগল্প





    চিনাকি মৰম (১৯৬২)
    কইনা (১৯৬৬)
    হৃদয় এক নদীৰ নাম (১৯৯০)
    মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প (১৯৯৮)
    মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প (১৯৯৮)





    আত্মজীৱনী





    আধা লিখা দস্তাবেজ (১৯৮৮)
    দস্তাবেজৰ নতুন পৃষ্ঠা (২০০৭)
    জীৱনী





    মহিয়সী কমলা (১৯৯৫)
    মা (২০০৮)





    অনুবাদ





    প্ৰেমচন্দৰ চুটিগল্প (১৯৭৫)
    আধা ঘণ্টা সময় (১৯৭৮)
    জাতক কথা (১৯৯৬)
    কলম (১৯৯৬)
    আহ্নিক (২০০০)





    ইংৰাজী





    Ramayana from Ganga to Brahmaputra (১৯৯৬)





    সম্পাদনা





    এৰি অহা দিনবোৰ (ড॰ মলয়া খাউন্দৰ সৈতে, ১৯৯৩)
    Indian folklore





    বঁটা আৰু সন্মান





    ১৯৮২- সাহিত্য অকাডেমি বঁটা ("মামৰে ধৰা তৰোৱাল"ৰ বাবে)[27]
    ১৯৮৮- অসম সাহিত্য সভা বঁটা
    ১৯৮৯- ভাৰত নিৰ্মাণ বঁটা
    ১৯৯২- উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা
    ১৯৯৩- কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা
    ১৯৯৬- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
    ২০০০- জ্ঞানপীঠ বঁটা
    ২০০২- পশ্চিম বঙ্গৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি. লিট. সন্মান
    ২০০২- মহিয়সী জয়মতী বঁটা
    ২০০২- পদ্মশ্ৰী বঁটা (ল'বলৈ অস্বীকাৰ কৰে)
    ২০০৭- ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশৰ দ্বাৰা ডি. লিট সন্মান
    ২০০৮- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি. লিট সন্মান
    ২০০৮- এছিয়াটিক চ'চাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা
    ২০০৮- প্ৰিন্স ক্ল'ছ বঁটা
    ২০০৯- অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা
    ২০০৯- দিল্লী বিশ্ববিদ্যালয়ৰ Professor Emeritus সন্মান
    Inter Religious and International Federation for World Peaceৰ শান্তি দূত বঁটা
    Ramayana From Ganga To Brahmaputra গ্ৰন্থৰ বাবে Florida International Universityৰ "আন্তৰ্জাতিক তুলসী বঁটা"
    ২০১৩- মৰণোত্তৰভাৱে 'অসম ৰত্ন' বঁটা