• আঞ্চলিক শক্তিৰ মহামিলন : 'এজেপি-ৰাইজৰ দল'ৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন

    আঞ্চলিক
    আঞ্চলিক শক্তিৰ মহামিলন : 'এজেপি-ৰাইজৰ দল'ৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন

    গুৱাহাটী : শুকুৰবাৰে দিনৰ ১২ বজাত পাণবজাৰস্থিত হোটেল প্ৰাগ কণ্টিনেণ্টেলত অসম জাতীয় পৰিষদৰ সংবাদমেলত আনুষ্ঠানিকভাৱে একেলগ হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্ব৷





    আৰু পঢ়িব পাৰিব : বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী…





    দুয়োটা আঞ্চলিক দলৰ নেতৃত্বই একেলগে বহি সম্বোধন কৰিছে সংবাদমেল৷ ৰাইজৰ দলৰ হৈ উপস্থিত আছে ভাস্কো ডি শইকীয়া, কবিদ্ৰ চেতিয়া, জিতুল ডেকা৷ সংবাদমেলতে ২০২১ৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে একেলগে অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে৷





    আৰু পঢ়িব পাৰিব : যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনা, আটক ১





    উল্লেখ্য যে অখিল গগৈৰ সৈতে বৃহস্পতিবাৰে ডেৰঘণ্টীয়া বৈঠকত লুৰিণজ্যোতি গগৈয়ে মিলিত হৈছিল৷ ১২৬টা সমষ্টিতে মিত্ৰজোঁটে প্ৰাৰ্থী দিয়াৰ লগতে বিপিএফৰ সৈতেও ইতিবাচক আলোচনা চলিছে বুলি মত প্ৰকাশ কৰিছিল৷