• আঠখেলীয়া নামঘৰলৈ ৫ কোটি টকাৰ সাহায্য

    আঞ্চলিক
    আঠখেলীয়া নামঘৰলৈ ৫ কোটি টকাৰ সাহায্য

    গোলাঘাটঃ গোলাঘাটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনজোৰা কাৰ্যসূচীত জিলাখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তাৰ ভিতৰত, অতি সোনকালে জিলাখনত ‘গোলাঘাট মেডিকেল কলেজ’ আৰু ‘সতী সাধনী মহাবিদ্যালয়’ৰ কাম আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। এখন আঁচনিৰ জৰিয়তে ৫০ কোটি টকা খৰচ কৰি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয় নতুনকৈ নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে।





    আঢ়ৈশ কোটি টকা ব্যয় সাপেক্ষে গোলাঘাট আৰু দেৰগাঁও পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ চাৰিলেনযুক্ত কৰা হ’ব বুলিও তেওঁ ব্যক্ত কৰে। সৰুপথাৰত ২৫ কোটি টকা খৰচেৰে এটা ক্ৰীড়া প্ৰকল্প(Sports Complex) নিৰ্মাণ কৰা হ’ব বুলিও জনায়। আনহাতে খুমটাই আৰু দেৰগাঁও সমষ্টিত এটাকৈ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে। দুয়োটা সমষ্টিত ক্ৰীড়া প্ৰকল্পৰ বাবে ১০ কোটি টকাকৈ আবণ্টন দিয়া হ’ব বুলিও কয়।





    গোলাঘাট জিলাত ২২ হাজাৰ নতুন পৰিয়ালক ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ ঘৰ দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পাইপৰ জৰিয়তে চাহ বাগিচাসমূহত খোৱাপানীৰ অভিলাষী আঁচনি হাতত লোৱা হৈছে বুলিও সদৰী কৰে শৰ্মাই। ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’ৰ ৩৫ কিঃমিঃ পথ ‘Elevated corridor’ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে আনুমানিক ব্যয় হ’ব চাৰি হাজাৰ কোটি টকা।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor