• ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

    আঞ্চলিক
    ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল
    ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্রস্তুতি চলাইছে এ পি ডি চি এলে। ৰাজ্য চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা বিদ্যুৎ মাচুল এটকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ সময়তে এ পি ডি চি এলে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছে। 

    প্রতিষ্ঠানটোৱে এসপ্তাহৰ ভিতৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে অসম বিদ্যুৎ নিয়ামক আয়োগক প্রস্তাৱ দিছে। আজি আয়োগে এই সন্দৰ্ভত ৰাজহুৱা শুনানি গ্রহণ কৰে। কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত গ্রহণ কৰা শুনানি প্ৰক্ৰিয়াত ৰাজ্যজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি কৰা স্মার্ট মিটাৰ সন্দৰ্ভত কোনো আলোচনা নহ'ল। এই বিষয়ত কোনো অভিযোগ লাভ নকৰা বাবে আলোচনা কৰা নহ'ল বুলি আয়োগে প্রকাশ কৰে।

    আনহাতে দহটাকৈ অনুষ্ঠান আৰু প্রতিষ্ঠানে আজিৰ শুনানি প্রক্রিয়াত অংশগ্রহণ কৰে। নতুন মাচুল সন্দৰ্ভত আয়োগে আজি অভিযোগকাৰীৰ মতামত গ্ৰহণ কৰে। এই শুনানিত সকলোৰে মতামতৰ বিশ্লেষণ কৰি ২০২৫-২৬ বৰ্ষৰ বাবে বিদ্যুতৰ নতুন নিৰিখ চলিত বৰ্ষৰ অন্তিম সপ্তাহত ধাৰ্য কৰিব বুলি প্রকাশ কৰে আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই। তেওঁ কয় যে এ পি ডি চি এলে এতিয়া যি নিৰিখ চলি আছে অহা বছৰৰ বাবেও একে নিৰিখ অব্যাহত ৰখাটো বিচৰা বুলিও তেওঁ প্রকাশ কৰে।

    কিন্তু কিছু ক্ষেত্ৰত বৃদ্ধিৰ পোষকতাও কৰিছে। অৱশ্যে আয়োগৰ অধ্যক্ষজনে ৰাজ্যৰ ঘৰুৱা সংযোগ থকা কম বিদ্যুৎ ব্যৱহাৰকাৰী আৰু জীৱন ধাৰা আঁচনিৰ আওতাত থকাসকলৰ বিদ্যুৎ মাচুল এটকাকৈ হ্রাস পাব বুলি প্রকাশ কৰে।

    উৎস- দৈনিক জনমভূমি
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor