• আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস : ৰাজ্যৰ বিভিন্ন স্থানত আদৰণীয় কাৰ্যসূচী

    আঞ্চলিক
    আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস : ৰাজ্যৰ বিভিন্ন স্থানত আদৰণীয় কাৰ্যসূচী

    গুৱাহাটীঃ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ অসমত উদযাপন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। মহানগৰীৰৰো ভিন্ন স্থানত নাৰী দিৱসৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা দেখা গৈছে। মহানগৰীৰ ‘বি বৰুৱা কেন্সাৰ হাস্পতাল’ত পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ কাৰ্যসূচী। নৰ্থ-ইষ্ট ৱ’মেন এণ্ট্ৰিপ্ৰেনিয়াৰ ছ’চাইটীৰ উদ্যোগত পালন কৰা হৈছে ‘নাৰী দিৱস’। দিৱসৰ লগত সংগতি ৰাখি কেন্সাৰ ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে। 





    আৰু পঢ়িব পাৰিব : আজি মনোনয়ন দিব বহু গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !





    আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহানগৰীৰ ‘Mothers old age home’ৰ ৩০গৰাকী বৃদ্ধাক আজি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিছে এমএমচিএইচত। দিৱসৰ লগত সংগতি ৰাখি বেলতলাৰ সৌৰভ নগৰত বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ চোতালত অনুষ্ঠিত হয় সম্বর্ধনা অনুষ্ঠান৷ এই অনুষ্ঠানত ‘ভাৰত-তিব্বত সংযোগ মঞ্চ’ৰ উদ্যোগত ৩০গৰাকী বনকৰা মহিলাক সম্বৰ্ধনা জনোৱা হয়৷ 





    আনহাতে বিশ্বৰ ঐতিহ্যক্ষেত্ৰ ‘মানাহ ৰাষ্ট্ৰীয় উদ্যান’তো  কেইবাগৰাকীও মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গোৱৰ্ধনা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নাৰী দিৱস অনুষ্ঠিত কৰা হয়। আনহাতে বকোৰ সৃষ্টি মণ্ডল পৰ্যায় সংগঠনৰ সৌজন্যত আয়োজন কৰা হয় নাৰী দিৱস। দিৱসৰ লগত সংগতি ৰাখি গান্ধীমৈদানৰ পৰা ওলোৱা হয় এক সমদল।





    আৰু পঢ়িব পাৰিব : আজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ…





    মৰিগাঁও জিলাৰ মৈৰাবাৰীত নুৰুল আমিন খেলপথাৰতো অসম গ্ৰামীণ জীৱিকা সেৱাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ আত্মসহায়ক গোট, আকাশী গংগা মণ্ডল সংঘৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ ধিং মহাবিদ্যালয়তো নাৰী দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মানসিক স্বাস্থ্য আৰু নাৰী স্বাস্থ্য শীৰ্ষক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।