ডিজিটেল ডেস্কঃ ৰাজ্যত আকৌ এবাৰ বাংলাদেশী নাগৰিকক আটক। লামডিং ৰে’লৱে জংচনত দুগৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছে, যাৰ ভিতৰত এগৰাকী মহিলা।
লামডিং ৰে’লৱে সুৰক্ষা বাহিনী (RPF)এ উজনিমুৱা ১৩১৭৩ কাঞ্চনজংঙ্ঘা এক্সপ্ৰেছ ৰেলৰ পৰা দুয়োকে আটক কৰে।
আটকাধীন বাংলাদেশী নাগৰিক দুগৰাকী হৈছে ক্ৰমে ফিৰোজ শ্বাহ আৰু মইনা খান ৷ ফিৰোজ শ্বাহৰ ঘৰ বাংলাদেশৰ বাগীহাটত আৰু মইনা খানৰ ঘৰ খুলনাত।
কিছু বছৰৰ পূৰ্বে দুয়োয়ে পৃথকে পৃথকে মাত্ৰ ৪-৫ হাজাৰ টকাৰ বিনিময়ত দালালৰ সহায়ত সীমান্ত পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিছিল। জানিব পৰা মতে, দুয়োয়ে ক্ৰমে দিল্লী আৰু বাংগালোৰত কৰ্মৰত আছিল।
তেওঁলোকক ভুৱা আধাৰ কাৰ্ড বনাই দিয়া হৈছিল। ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ১৩১৭৩ কাঞ্চনজংঙ্ঘা এক্সপ্ৰেছ ৰে’লৰ S3 কোচত উঠি অসম অভিমুখে আহি থকা অৱস্থাত তেওঁলোকে ৰেলপথ সুৰক্ষা বাহিনীৰ (RPSF 4th Battalion) জালত পৰে।
বৰ্তমান, RPFএ দুয়োক লামডিং ৰেল আৰক্ষীৰ (GRP) হাতত সমৰ্পণ কৰিছে আৰু ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰশ্ন হয় বাংলাদেশৰ পৰা অসমত প্ৰবেশ কৰি, দেশৰ বিভিন্ন স্থানত অবৈধ বাংলাদেশী কাম কৰিছিল কিহৰ বাবে আমাৰ সুৰক্ষা বাহিনীৰ নজৰত পৰা নাই? বৰ্তমানেও এই চক্ৰ সক্ৰিয় হৈ আছে নে?
Leave A Comment