• আলফা(স্বাঃ)ৰ লিংকমেনৰ সন্দেহত শদিয়াত পুনৰ এজনক আটক

    আঞ্চলিক
    আলফা(স্বাঃ)ৰ লিংকমেনৰ সন্দেহত  শদিয়াত পুনৰ এজনক আটক

    শদিয়াঃ আলফা(স্বাধীন)ৰ লিংকমেনৰ সন্দেহত শদিয়া আৰক্ষীয়ে পুনৰ এজন লোকক আটক কৰিছে৷ শদিয়া মহকুমাৰ চেংচাপ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত তেলিকলা গাঁৱৰ নিবাসী ভূপেন বৰুৱা(৩০)নামৰ এজন যুৱকক দেওবাৰে নিশা শদিয়া আৰক্ষীয়ে নিজগৃহৰ পৰা আটক কৰে৷ আটকাধীন যুৱকজনক বৰ্তমান শদিয়া সদৰ আৰক্ষী থানাত ৰখা হৈছে। উল্লেখযোগ্য যে, বিগত ৯ জুলাইত শদিয়া আৰক্ষীয়ে উক্ত গাঁওখনৰ পৰাই তপন বুঢ়াগোহাঁই(২৭)নামৰ এজন যুৱকক আলফা(স্বাধীন)ৰ লিংকমেনৰ সন্দেহত নিজা বাসগৃহৰপৰা আটক কৰিছিল৷





    ধৃত যুৱকজনে আৰক্ষী বেষ্টনীৰপৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হৈছিল যুৱকজন৷ আৰক্ষীয়ে সদৰী কৰা মতে, গুলীবিদ্ধ হৈ বৰ্তমান ডিব্ৰুগড়ৰ ‘অসম চিকিৎসা মহাবিদ্যালয়’ত চিকিৎসাধীন হৈ থকা তপন বুঢ়াগোহাঁইৰ সহযোগী আছিল শদিয়া আৰক্ষীয়ে দেওবাৰে আটক কৰা ভূপেন বৰুৱা৷ দুয়োজনৰ বিৰুদ্ধে শদিয়াৰ লগতে অসমৰ বিভিন্ন স্হানত আলফা(স্বাধীন)ৰ নামত ধনদাবী কৰাৰ অভিযোগ থকাৰ লগতে কিছুদিনৰ পূৰ্বে লাকুৱা অ’এনজিচিৰ ৩গৰাকী বিষয়া অপহৰণ কাণ্ডৰ লগত জড়িত ধৃত আৰক্ষী কনিষ্টবল বসন্ত বুঢ়াগোহাঁইৰ সহযোগী আছিল বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে৷





    এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত নিশ্চিত তথ্য থকাত ধৃত যুৱকদ্বয়ক ধৃত আৰক্ষী কনিষ্টবল বসন্ত বুঢ়াগোহাঁই গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰাই বিচাৰি আছিল শদিয়া আৰক্ষীয়ে৷ উক্ত অপহৰণ কাণ্ডৰ অধিক তদন্তৰ বাবে ইতিমধ্যে শদিয়াত আহি উপস্থিত হৈছেহি নাজিৰা আৰক্ষীৰ এটা দল৷