• আলফা স্বাধীনৰ হাতত পুনৰ অপহৃত হ'ল ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰী

    আঞ্চলিক
    আলফা স্বাধীনৰ হাতত পুনৰ অপহৃত হ'ল ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰী

    তিনিচুকীয়া : অসমত পুনৰ আলফা স্বাধীনৰ অপহৰণ কাণ্ড৷ ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰীক অপহৰণ আলফা স্বাধীনৰ৷ পুৱতি নিশা লাকুৱা তৈলক্ষেত্ৰৰ পৰা অপহৰণ কৰে তিনিজনক৷ অপহৃতকেইজন হৈছে মোহিনীমোহন গগৈ, ৰিতুল শইকীয়া, অলকেশ শইকীয়া৷





    আৰু পঢ়িব পাৰিব: ক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?





    অপহৃত মোহিনীমোহন আৰু ৰিতুল জুনিয়ৰ টেকনিচিয়ান হিচাপে কাম কৰাৰ লগতে অলকেশ জুনিয়ৰ ইঞ্জিনীয়াৰিং এছিষ্টেণ্টৰ পোষ্টত কৰ্মৰত৷ ইপিনে মোহিনীমোহন গগৈৰ ঘৰ ডিমৌৰ নিতাইপুখুৰীত, ৰিতুল শইকীয়াৰ ঘৰ যোৰহাটত আৰু অলকেশ শইকীয়াৰ ঘৰ গোলাঘাটৰ বৰহোলাত বুলি জানিবলৈ পোৱা গৈছে৷





    আৰু পঢ়িব পাৰিব: ভূমিকেন্দ্ৰিক বিবাদত ভাগিনৰ হাতত প্ৰাণ গ’ল মোমায়েকৰ





    তিনিওজনৰ অপহৰণক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে৷ ইয়াৰ পূৰ্বেও অপহৰণ কৰিছিল কুইপ’ৰ ২ বিষয়াক৷