নতুন দিল্লীঃ কৰ’নাক জয় কৰিলে ঋষভ পণ্টে। ক’ভিড জয়ৰ পাছত দললৈ প্ৰত্যাৱৰ্তন ভাৰতীয় দলৰ বেটছমেন, উইকেট কীপাৰ ঋষভ পণ্টৰ। বৃহস্পতিবাৰে পুৱা টুইটাৰযোগে এই কথা সদৰী কৰিছে বিচিচিআই-এ। সম্প্ৰতি তেওঁ কৰ’নামুক্ত বুলি জানিবলৈ দিছে। ক’ভিডমুক্ত হোৱাৰ পাছত ভাৰতীয় দলৰ জৈৱ সুৰক্ষাত অংশগ্ৰহণ ঋষভ পণ্টৰ। ৪ আগষ্টৰ পৰা নাটিংহামত ইংলেণ্ডৰ বিৰূদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণৰ আশা আছে পণ্টৰ।
অৱশ্যে, ঋষভ পণ্ট সুস্থ হৈ উঠিলেও ঋদ্ধিমান শ্বাহাৰ লগতে দলৰ ৩জন সদস্য এতিয়াও ১০দিনৰ আইছ’লেশ্যনত থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। সম্প্ৰতি তেওঁলোক লণ্ডনৰ এখন হোটেলত আছুতীয়াকৈ আছে। কৰ’না বিধি নিষেধ উলংঘাৰ বাবে তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছিল ঋষভ পণ্ট। কিন্তু বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে তেওঁৰ পক্ষতে থিয় দিছিল। এই মুহূৰ্তত সকলো নীতি-নিয়ম পালনেৰে দলীয় কৰ্তৃপক্ষই কৰ’না পৰীক্ষা কৰিছে বুলি জানিব পৰা গৈছে। ঋষভে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত অধিক সতৰ্কতা অৱলম্বন কৰিছে ভাৰতে।
Leave A Comment