• আৰক্ষীৰ গুণ্ডাৰাজ: বৈধ চালান থকা গাড়ীৰ চালকক প্ৰহাৰ

    আঞ্চলিক
    আৰক্ষীৰ গুণ্ডাৰাজ: বৈধ চালান থকা গাড়ীৰ চালকক প্ৰহাৰ

    বাইহাটা : ৰাষ্ট্ৰীয় ঘাইপথত নিশা চলে আৰক্ষীৰ গুণ্ডাগিৰি। ৩১নং ৰাষ্ট্ৰীয় পথৰ চাংসাৰিত এতিয়া নিশাৰ ভাগত চলে আৰক্ষীৰ গুণ্ডাগিৰি। নিশা চাংসাৰি থানাৰ তহলদাৰী একাংশ আৰক্ষীৰ দল ব্যস্ত গুণ্ডা কৰ তোলাত। তথ্য অনুসৰি, ধুবুৰী জিলাৰপৰা GMCHলৈ কঢ়িয়াই আনিছিল এখন ছাগলীভৰ্তি AS-25EC/3175 নম্বৰৰ বলেৰ' পিকআপ ভান।





    আৰু পঢ়িব পাৰিব :দেশজোৰা ‘চাক্কা জাম’ সমাপ্ত : কৃষি আইন বাতিলৰ সময়সীমা ২ অক্টোবৰলৈ





    সম্পূৰ্ণ বৈধ চালান থকা গাড়ীখন আগচি ধৰি চাংসাৰি আৰক্ষীয়ে দাবী কৰে বৃহৎ পৰিমাণৰ ধন। দাবী কৰা ধন দিবলৈ অমান্তি হোৱা ছাগলী ব্যৱসায়ী কেইজনৰ ওপৰত নিশা চলে অমানুষিক অত্যাচাৰ। অভিযোগ অনুসৰি, আৰক্ষীয়ে বেপাৰী কেইজনৰ লুঙি দাঙি ধন বিচাৰৰ উপৰি দীঘল টৰ্চৰে প্ৰহাৰ কৰে ড্ৰইভাৰক। বাৰম্বাৰ বৈধ চালানসমূহ দেখুওৱাৰ পাছতো গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ডকাইত ৰূপী আৰক্ষীয়ে।





    আৰু পঢ়িব পাৰিব :চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ





    অৱশেষত উপায়ন্তৰ হৈ গাড়ীৰ ড্ৰাইভাৰে মালিকক খবৰ দিয়াতহে ৰক্ষা পৰে বেপাৰীকেইজন। উল্লেখ্য যে বৃহত্তৰ চাংসাৰি অঞ্চলত দিনে-নিশাই অবাধে চলি থকা অবৈধ চালানবিহীন পাহাৰৰ শিল, ৰঙা মাটিৰ ডাম্পাৰক ৰক্ষণা বেক্ষণ দিয়া চাংসাৰি আৰক্ষীয়ে সাধাৰণ ছাগলী বেপাৰীৰ ওপৰত বীৰত্ব দেখুওৱা বিষয়টো সহজভাৱে ল’ব পৰা নাই সাধাৰণ জনতাই।