• ইউৰো কাপৰ নতুন চেম্পিয়ন ইটালী

    আঞ্চলিক
    ইউৰো কাপৰ নতুন চেম্পিয়ন ইটালী

    ইংলেণ্ড: শ্বাসৰূদ্ধকৰ ‘ইউৰো কাপ মেচ’ৰ নতুন চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে ইটালীয়ে৷ সুদীৰ্ঘ ৫৩ বছৰৰ পাছত ইউৰোৰ চেম্পিয়ন হিচাপে ইটালীয়ে এই জয়ৰ সোৱাদ লয়৷ নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্ৰ’ হৈছিল খেলখন৷





    ইউৰো কাপৰ পেনাল্টি শ্বুট আউটত ৩-২ৰ ব্যৱধানত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে ইটালীয়ে৷ ইটালীৰ জয়ত মুখ্য ভুমিকা গ্ৰহণ কৰে দলৰ গ’ল কীপাৰ ড’না ৰুম্মাই৷ 'প্লেয়াৰ অব্ দ্য মেচ'ৰ সন্মান লাভ কৰে ২২ বছৰীয়া ড’না ৰুম্মাই৷





    ইপিনে ঘৰুৱা সমৰ্থকৰ সন্মুখতে বিফল হ’ল ইংলেণ্ড৷ প্ৰথম অৱস্থাৰপৰা ইটালীৰ বিৰুদ্ধে ইংলেণ্ডে সমানে যুঁজ আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত পৰাজয় বৰণ কৰে দলটোৱে৷