• ইউৰো ২০২০ : আশাহত বিশ্ববিজয়ী ফ্ৰান্স, কোৱাৰ্টাৰত ছুইজাৰলেণ্ড

    আঞ্চলিক
    ইউৰো ২০২০ : আশাহত বিশ্ববিজয়ী ফ্ৰান্স, কোৱাৰ্টাৰত ছুইজাৰলেণ্ড

    এৰিনাঃ মঙলবাৰে ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ মাজত অনুষ্ঠিত ইউৰো কাপৰ অন্তিম ‘১৬’ত জয়লাভ কৰিছে ছুইজাৰলেণ্ডে। দুবাৰকৈ বিশ্বকাপ খিতাপ বিজয়ী ফ্ৰান্সক ৰুধিলে ছুইজাৰলেণ্ডে। নিৰ্ধাৰিত সময়লৈকে ৩-৩গ’লৰে দুয়োটা দলে ড্ৰ খেলে। খেলৰ অতিৰিক্ত ৩০মিনিটত দুয়োটা দলৰ কোনোৱে গ’ল দিব নোৱাৰিলে। অৱশেষত খেলৰ বিধি অনুসৰি পেনাল্টি শ্ব’টৰ বাবে অনুমোদন জনায় খেল ৰেফাৰীয়ে। ৫টা পেনাল্টি শ্ব’টত ফ্ৰান্সে ৪টা আৰু ছুইজাৰলেণ্ডে ৫টা গ’লৰে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।





    আৰু পঢ়িব পাৰিব : ইউৰো ২০২০: ক্ৰ’ৱেছিয়াৰ বিদায়, খেলপথাৰত বিশ্বচেম্পিয়নৰ বিজয়শিঙা






    খেল আৰম্ভণিৰ পৰা অন্তিম মুহূৰ্তলৈকে দুয়োটা দলৰ মাজত তীব্ৰ যুঁজ অব্যাহত থাকে। প্ৰথমাৰ্দ্ধৰ পৰাই ছুইটজাৰলেণ্ডে সুন্দৰ খেল উপহাৰ দিয়ে। ফ্ৰান্সৰ ডিফেণ্ডাৰৰ পৰা বল কাঢ়ি ৬ হেৰিছ ছেফাৰ’ভিছৰ গ’লেৰে প্ৰথমাৰ্দ্ধতে ১৫মিনিটতে ১-০গ’লৰ অগ্ৰগতি লয় ছুইটজাৰলেণ্ডে। আহত বিশ্বচেম্পিয়ন ফান্সৰ জয়ৰ ক্ষুধা বাঢ়ি যায়। ক্ৰীড়াপ্ৰেমীক আচম্বিত কৰি বেনজেমাই ৫৭ আৰু ৫৯ মিনিটত ক্ৰমান্বয়ে দুটাকৈ গ’ল দিয়ে। অপ্ৰতিৰোধ্য ফান্সে ২-১ৰ অগ্ৰগতি লাভ কৰে। ছুইজাৰলেণ্ডৰ জয়ৰ স্বপ্নত আঘাত হানি পাউল পগবাই ৭১ মিনিটত ফ্ৰান্সৰ হৈ তৃতীয়টো গ’ল দিয়ে। ছুইজাৰলেণ্ডৰ বাবে এই আঘাত সহ্যাতীত হৈ পৰে।





    আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : স্বপ্নাৱিষ্ট অষ্ট্ৰিয়া, কোৱাৰ্টাৰত ইটালী





    কোৱাৰ্টাৰলৈ উন্নীত হোৱাৰ স্বপ্ন ঘনীভূত হ’বলৈ ধৰা ফ্ৰান্সৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ছুইজাৰলেণ্ডে। হেৰিছ ছেফাৰ’ভিচে ৮১ মিনিটত এটা গ’ল দিয়াৰ পাছত অন্তিম মুহূৰ্তলৈকে ছুইজাৰলেণ্ডে নিৰ্ণায়ক গ’লৰ সন্ধান অব্যাহত ৰাখে। বিশ্বকাপ খিতাপ বিজয়ী দলটোৰ সকলো প্ৰচেষ্টা অতিক্ৰমি খেলৰ ৯০মিনিটত গবৰানোবিকৰ নিৰ্ণায়ক গ’লটোৰে ছুইজাৰলেণ্ডে ৩-৩গ’লৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয়। এমবাপে-ই পেনাল্টি শ্বটত গ’ল দিবলৈ অসমৰ্থ হয়। উল্লেখ্য যে, ফ্ৰান্সে ইতিমধ্যে ইউৰো কাপৰ অভিযানৰ সামৰণি মাৰিছে। ইফালে ছুইজাৰলেণ্ডে কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে।


    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online