• ইনিংছ ব্যৱধানত পৰাস্ত ইংলেণ্ড, ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰত

    আঞ্চলিক
    ইনিংছ ব্যৱধানত পৰাস্ত ইংলেণ্ড, ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰত

    আহমেদাবাদঃ ভাৰতৰ বিৰুদ্ধে ৪খনীয়া টেষ্ট-শৃংখলাৰ চতুৰ্থ টেষ্টত এক ইনিংছ আৰু ২৫ৰাণৰ ব্যৱধানত পৰাস্ত হয় আলহী দল ইংলেণ্ড। ইংলেণ্ডৰ হৈ ডেন লৰেঞ্চে সৰ্বাধিক ৫০ৰাণৰ বৰঙণি আগবঢ়ায়। খেলৰ তৃতীয়দিনা দ্বিতীয় ইনিংছ আৰম্ভ কৰা ইংলেণ্ডে মাত্ৰ ১৩৫ৰাণতে আটাইকেইটা উইকেত হেৰুৱায়।





    আৰু পঢ়িব পাৰিব : দুই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে! ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা





    ভাৰতৰ হৈ স্পীনাৰদ্বয় অক্ষৰ পেটেল আৰু ৰৱিচন্দ্ৰন অশ্ৱিন উভয়ে ৫টাকৈ উইকেট দখল কৰে। আৰু এই জয়েৰে ভাৰতে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিলে।





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা





    উল্লেখ্য যে ‘ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ’ৰ ফাইনেলত ভাৰত নিউজিলেণ্ডৰ মুখামুখী হ'ব।