• ইভিএম নিয়াক লৈ হিংসাত্মক কাৰ্য : আহত ২জন

    আঞ্চলিক
    ইভিএম নিয়াক লৈ হিংসাত্মক কাৰ্য : আহত ২জন

    দৰং : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতে বিভিন্ন ঠাইত সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰিক হিংসা৷ দৰং জিলাৰ কলাইগাঁও সমষ্টিৰ ৰাজাপুখুৰী ভোটগ্ৰহণ কেন্দ্ৰত বৃহস্পতিবাৰে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ইভিএম লৈ যোৱাত বাধা প্ৰদান কৰে ৰাইজে৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰা গুলীচালনাত কেইবাজনো লোক আহত হয়।





    আৰু পঢ়িব পাৰিব : ওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !





    আৰক্ষীৰ গুলীত আহত তিনিজন ক্ৰমে ইছমাইল আলী আৰু মোছা আলী আৰু হাছমত আলী। তিনিওৰে ঘৰ ৰাজাপুখুৰী গাঁৱত৷ আহত তিনিওজনকে ‘মঙলদৈ অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰে যদিও গুৰুতৰভাৱে আহাত ইছমাইল আলীক নিশাই ‘জিএমচিএইচ’লৈ প্ৰেৰণ কৰে৷





    আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত আৰ্বিভাৱ অদৃশ্য মানৱৰ !





    ইপিনে ভোটগ্ৰহণৰ পাছতেই ডিফুৰ ক্লিৰদাপ হাইস্কুলৰ ভোটকেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হয়৷ ছেক্টৰ বিষয়াৰ গাড়ীত ইভিএম নিয়াক লৈ উত্তেজনা সৃষ্টি কৰি ৰাইজে আবদ্ধ কৰি ৰাখিলে দুখনকৈ গাড়ী৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে গাড়ী মোকলাই নিয়াত ৰাইজে গাড়ীলৈ শিলগুটি নিক্ষেপ কৰে৷