আন্তঃৰাষ্ট্ৰীয়
নতুন দিল্লী : উচ্চতম ন্যায়ালয়ত কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন৷ ন্যায়াধীশ এন ভি ৰমন্না, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে এবছৰৰো অধিক কাল কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে৷
আৰু পঢ়িব পাৰিব : ৩০ ইউনিটলৈ বিদ্যুৎ ৰেহাই… কেবিনেটে ল’লে ভালেমান নতুন সিদ্ধান্ত
নিম্ন আদালতত গোচৰৰ মূল শুনানি আৰম্ভ হোৱাৰ সময়ত উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিবলৈ আদেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ অখিল গগৈৰ গোচৰৰ নম্বৰ হৈছে SLP (Crl) No 1050/2021৷ পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছিল অখিলৰ।
আৰু পঢ়িব পাৰিব : অধিৱেশনৰ আৰম্ভণীতেই উত্তপ্ত ! বিৰোধীৰ প্ৰতিবাদী সমদল
'কা'বিৰোধী আন্দোলনৰ সময়ত ২০১৯চনৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। তাৰ পাছত অখিল গগৈক নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। 'নিয়া'ই ইতিমধ্যে আদালতত অখিলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।
Leave A Comment