• উদ‍্যোগী মহিলাক ১ লাখ টকাকৈ দিয়া হ'ব সাহায্য !

    আঞ্চলিক
    উদ‍্যোগী মহিলাক ১ লাখ টকাকৈ দিয়া হ'ব সাহায্য !

    গুৱাহাটী : পাঞ্জাবাৰীৰ পঞ্চায়ত গ্ৰামোন্নয়ন কাৰ্যালয়ত আজি কেন্দ্ৰীয় মন্ত্ৰী গীৰিৰাজ সিং আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ সংবাদমেল সন্বোধন৷ অসমৰ গ্ৰামাঞ্চলত ২৬,৯৮৭ কি:মি: পথ নিৰ্মাণ কৰাৰ লগতে ইতিমধ্যে অসমৰ গ্ৰামাঞ্চলত ২,৪৯,০০০ গৃহ নিৰ্মাণ কৰা হৈছে৷





    অসমৰ গ্ৰামাঞ্চলত ৭ লাখ ৩৪ হাজাৰ গৃহ নিৰ্মাণ ২০২২ ৰ ভিতৰত নিৰ্মাণৰ পৰিকল্পনা কৰাৰ উপৰি আগন্তুক ৫ বছৰত গ্ৰামাঞ্চলৰ সকলো ঘৰতে পানী উপলব্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ এনৰেগাত মহিলাৰ অংশগ্ৰহণ ৫০% আছে এই সীমা বৃদ্ধি, গ্ৰামাঞ্চলৰ সকলোকে আধাৰৰ সৈতে লিংক কৰাৰ পৰিকল্পনা কৰা হৈছে৷





    কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে মিলি গ্ৰামাঞ্চলত ডিজিটেলাইজেছনৰ কাম আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে বিভাগীয় মন্ত্ৰীগৰাকীয়ে৷ ২০১৬ লৈকে অসমত আত্মনিৰ্ভৰশীল গোট আছিল ৩২ হাজাৰ, এতিয়া এই গোটৰ সংখ্যা হৈছেগৈ ২ লাখ ৯৫ হাজাৰ৷ ৰাজ‍্যৰ ৩০ লাখ উদ‍্যোগী মহিলাক ১ লাখ টকাকৈ দিয়া হ'ব সাহায্য৷ আমাৰ লক্ষ্য মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলা হৈছে৷