আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : ‘‘এইবাৰ অসমত বিহু হ’বই’’ -এই ঘোষণা অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ নিৰ্বাচনী সভা হ'ব পাৰিলে বিহুও হ'ব লাগিব বুলিও মন্তব্য কৰে তেওঁ৷ দেশত উদ্বেজগনকভাৱে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ৷ আৰু বৃদ্ধি হোৱাৰ এনে সময়তে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এপ্ৰিলৰ পৰা নতুন ক’ভিড বিধি বলবৎ হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছিল৷
আৰু পঢ়িব পাৰিব : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : ৮১ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪জন প্ৰাৰ্থীৰ
মন্ত্ৰালয়ৰ মতে, ৰাজ্যই স্থানীয়ভাৱে আৰোপ কৰিব পাৰিব নিধেষাজ্ঞা৷ কণ্টেইনমেণ্টৰ বাহিৰত নাথাকে বাধা নিষেধ৷ কঠোৰভাৱে ৰূপায়ণ কৰিব লাগিব ক’ভিড পৰীক্ষা বিধি৷ আনহাতে উৎসৱ-পাৰ্বন উদযাপনতো বাধা আৰোপ কৰা হ'ব বুলি উল্লেখ কৰিছিল৷
আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ
কিন্তু এই নিৰ্দেশনাৰ বিপৰীতে আজি হিমন্ত বিশ্বই কয় যে, অসমত কোনোধৰণৰ কৰ’না ৰোগী বৃদ্ধি পোৱা নাই৷ গতিকে লকডাউন কোনো আশংকা নাই অসমত৷গতিকে অসমৰ ৰাইজে উদযাপন কৰিব পাৰিব অসমৰ চেনেহৰ বিহু৷
Leave A Comment