• একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

    আঞ্চলিক
    একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

    গুৱাহাটী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঙলবাৰে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড৷ বিলাসীপাৰা, তিতাবৰ তথা লখিমপুৰত সংঘটিত হোৱা লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ লগতে অগ্নিদগ্ধ হয় ৭জনকৈ ব্যক্তি৷ ইয়াৰে এজন গুৰুতৰভাৱে জখম হয়৷ আটাইকেইটা অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব : নৈত গা ধুবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি !





    বিলাসীপাৰাৰ কাজাইকাটা ষষ্ঠ খণ্ড গাঁৱত মঙলবাৰে বিয়লি সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় দুটা গৃহৰ লগতে বহু প্ৰয়োজনীয় নথি-পত্ৰ আৰু সা-সামগ্ৰী। অগ্নিকাণ্ডৰ ফলত গুৰুতৰভাৱে আহত হয় ৭জনকৈ ব্যক্তি। আহত ৬ জনক বিলাসীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে এজনক ততাতৈয়াকৈ ‘ধুবুৰী অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰে৷





    মঙলবাৰে নিশা তিতাবৰ ৰজাবাহৰ গোঁহাইগাঁৱতো বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ পৱন সিং ফুকন নামৰ ব্যক্তিজনৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰায় ২লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ৷ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা কেইবাটাও বাসগৃহ।





    আৰু পঢ়িব পাৰিব : ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত প্ৰায় ১০০জন ! ১৪৪ ধাৰা জাৰি





    ইপিনে লখিমপুৰৰ বিলতীয়াতো নিশা অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডত এটা বাসগৃহ ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি হয়৷ জুই নিৰ্বাপিত কৰিবলৈ অহা অগ্নিনিৰ্বাপন গাড়ী পলমকৈ অহাৰ অভিযোগ ভুক্তভোগীৰ৷