comScore
  • এছিয়ান গেমছত আৰ্চাৰীত দেশৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰমিলা যুজিছে দৰিদ্ৰতাৰে৷ নাই চৰকাৰৰ সঁহাৰি

    আঞ্চলিক
    এছিয়ান গেমছত আৰ্চাৰীত দেশৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰমিলা যুজিছে দৰিদ্ৰতাৰে৷ নাই চৰকাৰৰ সঁহাৰি

    মঙলদৈ : ক্ৰীড়াই আনে দেশলৈ সৰ্বোচ্চ সন্মান৷ এইবাৰ ট’কিঅ’ অলিম্পিকত অসমৰ লাভলীনা বৰগোঁহাইকে ধৰি মীৰাবাঈ চানু, নীৰজ চোপ্ৰা আদি এথলিটিকে দেশলৈ কঢ়িয়াই আনিছিল সন্মান৷ পেৰা অলিম্পিকতো ভাৰত জয়গান অব্যাহত আছিল৷ কিন্তু এনে সময়তো একাংশ এথলিটিকে দৰিদ্ৰতাৰ হেঙাৰখন পাৰ কৰি চেষ্টা কৰিছে নিজকে প্ৰতিষ্ঠা কৰিবলৈ৷ বিগত ২০১৮ বৰ্ষত জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ আৰ্চাৰীত দেশৰ হৈ প্ৰতিনিধিত্বও কৰিছিল এগৰাকী অসম কন্যাই।





    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰ্চাৰীত অংশগ্ৰহণ কৰি বহু পদক পাবলৈ সক্ষম হোৱা এইগৰাকী এথলিটিক হৈছে দৰং জিলাৰ খাগ্ৰাবাৰীৰ প্ৰমিলা দৈমাৰী৷ কিন্তু দৰিদ্ৰ ঘৰৰ হোৱাৰ বাবে পদে পদে সন্মুখীন হৈছে নানা বিপদৰ৷ চেমনীয়া বয়সতেই দাৰিদ্ৰতাৰে যুজঁ দিবলগীয়া হোৱা প্ৰমিলাই আৰম্ভ কৰিছিল সংগ্ৰামী জীৱনৰ আখৰা। অৱশ্যে এনে অভাৱ-অনাটনৰ মাজত তেওঁ সপোনো দেখিছিল এগৰাকী ধনুৰ্বিদ হোৱাৰ।





    মাথোঁ সেয়ে নহয়, বিশ্বমানৰ আৰ্চাৰী প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে আজিও প্ৰমিলা দৈমাৰীয়ে অব্যাহত ৰাখিছে ইয়াৰ অনুশীলন। কিন্তু পৰিতাপৰ বিষয় ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ, ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা এইগৰাকী ধনুৰ্বিদ প্ৰমিলা দৈমাৰীয়ে আজিকোপতি চৰকাৰৰ পৰা যথাযথ সহায়ৰ হাত লাভ কৰা নাই।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam