• এজন চিকিৎসা কৰ্মীৰেই দৈনিক শতাধিকক ক’ভিড পৰীক্ষা

    আঞ্চলিক
    এজন চিকিৎসা কৰ্মীৰেই দৈনিক শতাধিকক ক’ভিড পৰীক্ষা

    কাকপথাৰ: অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কাকপথাৰৰ ডিৰাক গে’টত অসমত প্ৰৱেশ কৰা ব্যক্তিৰ ক’ভিড পৰীক্ষা আৰম্ভ হৈছে৷ স্থানীয় বহু দল-সংগঠনৰ দাবীৰ পৰিপেক্ষিতত আৰম্ভ হৈছে এই ক’ভিড পৰীক্ষাৰ ব্যৱস্থা৷





    অসমৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিক ক’ভিড পৰীক্ষা কৰিহে ৰাজ্যখনত প্ৰৱেশ কৰিব দিয়ে যদিও সেই ব্যৱস্থা নাছিল অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত৷ সেয়ে স্থানীয় বহুকেইটা দল-সংগঠনৰ দাবীৰ পাছত কালিৰেপৰা কাকপথাৰৰ ডিৰাক গে’টত অসমত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ আৰম্ভ কৰিছে৷





    কালিৰ দিনটোত মুঠ এশগৰাকী ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে এজনৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ উপস্থিতি৷ সমান্তৰালভাৱে আজিৰ দিনটোত এজনৰ দেহতো ধৰা পৰা নাই ক’ভিডৰ অৱস্থিতি বুলি জানিবলৈ দিছে দায়িত্বত থকা স্বাস্থ্য কৰ্মীয়ে৷ উল্লেখ্য যে দৈনিক শতাধিক ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ ঠাইখনত বহুকেইজন স্বাস্থ্য বিভাগৰ লোক নিয়োগ কৰিব লাগে যদিও মাত্ৰ এজন স্বাস্থ্য বিভাগৰ লোকেই কৰিব লগীয়া হৈছে সকলো কাম৷ ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তৰ অঞ্চলত।