comScore
  • এসময়ত কঁপাইছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ, এতিয়া চকুলো টুকি চাহ-তামোল বেচিছে পদপথত...

    আঞ্চলিক
    এসময়ত কঁপাইছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ, এতিয়া চকুলো টুকি চাহ-তামোল বেচিছে পদপথত...

    জাগীৰোড : একালৰ সুদক্ষ অভিনেত্ৰী এতিয়া পদপথৰ দোকানী৷ দুচকুত চকুলো লৈ জীৱন নিৰ্বাহ অভিনেত্ৰীগৰাকীৰ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেত্ৰীগৰাকীৰ নাম বুলুমাই পাটৰ৷ সুদীৰ্ঘকাল ভ্ৰাম্যমাণ থিয়েটাৰত নিজৰ বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে৷ ১৯৯৪ চনৰ পৰা ২০০৯ চনলৈ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ কঁপাই তুলিছিল তেওঁ৷ সেই সময়ৰ বাতৰি কাকত, আলোচনীত জিলিকি উঠিছিল তেওঁৰ নাম৷










    ১৪টা বছৰ থিয়েটাৰ জগতত খলকনিৰ সৃষ্টি কৰি অহা এইগৰাকী অভিনেত্ৰী বুলুমাই পাটৰ এতিয়া পদপথৰ ব্যৱসায়ী৷ জাগীৰোড সমষ্টিৰ নেলী আৰক্ষী চকীৰ সমীপত এটা জিৰণি চ’ৰাত চাহ আৰু পাণ-তামোলৰ এখন দোকান চলাই পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে বুলুমাই পাটৰে৷ ইন্দ্ৰানী, বীণাপানি, মুকুন্দ, ব্ৰহ্মপুত্ৰ, ৰূপৰাজ, পাৰিজাত আদি জনপ্ৰিয় থিয়েটাৰত অভিনয় কৰা এইগৰাকী শিল্পীয়ে এতিয়া পদপথত বিক্ৰী কৰে চাহ৷ নতুন কইনা, ধৰ্মপত্নী, মইহে স্বামীক মাৰিলোঁ, স্বামী থাকিও বিধৱা, মানুহ নামৰ জানোৱাৰ, মৰম এনাজৰী আদি বিভিন্ন মঞ্চসফল সামাজিক নাটকত অভিনয় কৰা বুলুমাই পাটৰৰ স্বামী আৰু দুই পুত্ৰসহ আছে এটা চাৰিজনীয়া পৰিয়াল৷ পৰিয়ালটো পোহপাল দিয়াৰ লগতে দুই পুত্ৰৰ পঢ়া-শুনাৰ বাবেই থিয়েটাৰ ত্যাগ কৰি এইদৰে সংগ্ৰাম চলাই গৈছে একালৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে ৷





    হেম ভট্টাচাৰ্য, সমৰেন্দ্ৰ বৰ্মন, সেৱাব্ৰত বৰুৱা, জীতেন শৰ্মাৰ দৰে নাট্যকাৰ পৰিচালকৰ সান্নিধ্যত কাম কৰা বুলুমাই পাটৰে কিন্তু আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য৷ ৰেবা ফুকন, ভৱেশ বৰুৱা, দিলীপ ৰঞ্জন দত্ত আদি অভিনেতা-অভিনেত্ৰীৰ সৈতে একেলগে অভিনয় কৰা নেলীৰ মকৰীয়াৰ বুলুমণি পাটৰে অকনমান চৰকাৰী সাহায্য লাভ কৰিলে পৰিয়াল পোহপাল দিয়াত হ’ব সহায় হ’ব বুলি আশাৰে বাট চাইছে৷