• ঐনিতমৰ সুৰ-আপঙৰ ৰাগীত মতলীয়া মিচিংসকল : উদযাপন আলি-আয়ে-লৃগাং...

    আঞ্চলিক
    ঐনিতমৰ সুৰ-আপঙৰ ৰাগীত মতলীয়া মিচিংসকল : উদযাপন আলি-আয়ে-লৃগাং...

    গুৱাহাটীঃ অসমৰ জনগোষ্ঠী সমূহৰ অন্যতম মিচিংসকল। মিচিংসকলৰ কৃষিভিত্তিক প্ৰধান উৎসৱ আলি-আয়ে-লৃগাং আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে। বছৰটোৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ উদযাপন কৰা হয়।





    আৰু পঢ়িব পাৰিব : পঞ্জাবৰ পৰা বিজেপিলৈ আহিল আন এক দুঃখবৰ…





    এই উৎসৱ উদযাপনৰ বাবেই ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৰে মনত এতিয়া উছাহৰ ঢল বৈছে। সকলোৱে মুকলি পথাৰত ঢোলৰ চেঁৱে চেঁৱে, ঐনিতমৰ সুৰৰ লহৰে লহৰে পৰম্পৰাগত গুমৰাগ নৃত্য কৰিছে। লৃগাঙৰ উপলক্ষে লৃগত কাৰ্যসূচী অৰ্পণ কৰে গাঁৱৰ এগৰাকী মুখিয়ালে। মুৰং ঘৰত গাহৰি পোৰা, মাছ পোৰাত ব্যস্ত সকলো। আপঙৰ ৰাগীত মতলীয়া হৈছে বিভিন্নজন।





    আৰু পঢ়িব পাৰিব : জম্মু-কাশ্মীৰত উপস্থিত কুৰিজনীয়া বিদেশী ৰাষ্ট্ৰদূতৰ দল






    এই উৎসৱ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ঢকুৱাখনাত। আনহাতে মাজুলী, লখিমপুৰ, ধেমাজি, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ লগতে মহানগৰীৰৰ কিছু কিছু স্থানত মিচিংসকলৰ এই উৎসৱ উদযাপন কৰা হৈছে।