• কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা

    আঞ্চলিক
    কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা

    গোলাঘাট: ঘোলাঘাটৰ কমাৰবন্ধা বামুণ গাঁৱত নৃশংস হত্যা কাণ্ড সংঘটিত হয়৷ নিজ পত্নীয়ে মৰিয়াই হত্যা কৰিলে কৰিলে সুৰামত্ত স্বামীক৷ সুৰাৰ বাবেই দিনক দিনে ধ্বংস হৈছে একো একোটা পৰিয়াল৷ গোলাঘাট বামুণ গাঁৱৰ নিতুল বৰা নামৰ লোকজনে নিতৌ সুৰাপান কৰি ঘৰত সৃষ্টি কৰে কন্দলৰ৷





    আৰু পঢ়িব পাৰিব : দেশৰ গণতান্ত্ৰিক পৰিস্থিতিক সন্দৰ্ভত ৰাহুল গান্ধীৰ কঠোৰ সমালোচনা





    কিন্তু মঙলবাৰে নিতুল বৰাই নিশা অত্যধিক সুৰাপান কৰি হিতাহিত জ্ঞান হেৰুৱাই নিজ কন্যাক অশালীন ব্যৱহাৰ কৰিবলৈ উদ্যত হৈ উঠে৷ মাতৃয়ে বাধা প্ৰদান কৰে যদিও নিতুলক নিয়ন্ত্ৰণ কৰিব নোৱাৰি পত্নী জোনাকী বৰা (৪৫)ই এডাল লাঠিৰে মুৰতে আঘাত কৰে৷ যাৰ ফলত ঢলি পৰে নিতুল৷





    আৰু পঢ়িব পাৰিব : বৰপেটা ৰোডত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২২ লাখ





    পুৱা নিতুল বৰাৰ মৃতদেহ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ উক্ত ঘটনাৰ পাছত গোলাঘাট আৰক্ষীয়ে জোনালী বৰাক গ্ৰেপ্তাৰ কৰিছে।