• কপিলীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি

    আঞ্চলিক
    কপিলীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি

    কাৰ্বিআংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত কপিলী নদীৰ কালীঘাট নামৰ ঠাইত অৱস্থিত জলসিঞ্চন প্ৰকল্পত বৃহস্পতিবাৰৰ আবেলি শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে।

    আৰু পঢ়িব পাৰিব : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : ৮১ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪জন প্ৰাৰ্থীৰ

    দেৱ ছেত্ৰী (১৫) আৰু মনদ্বীপ ছেত্ৰী (১৪) নামৰ দুই কিশোৰে নদীৰ পাৰে পাৰে ছাগলী চৰাবলৈ গৈ অৱশেষত দুয়োৱে নদীত গা ধুবলৈ নামি একে সময়তে সলিল সমাধি ঘটে। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

    আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

    সাহসী যুৱক বিক্ৰম ছেত্ৰীৰ তৎপৰতাত এজনৰ মৃত্যুদেহ বৃহস্পতিবাৰে সন্ধিয়াত উদ্ধাৰ কৰাৰ বিপৰীতে আন এজনৰ মৃত্যুদেহ আজি পুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।