• কলগাছিয়াত ডাম্পাৰৰ দৌৰাত্ম্য! আহত ৩

    আঞ্চলিক
    কলগাছিয়াত ডাম্পাৰৰ দৌৰাত্ম্য! আহত ৩

    বৰপেটাঃ কলগাছিয়াৰ বালাৰপাথাৰত তীব্ৰবেগী ডাম্পাৰ আৰু এখন চাৰিচকীয়া গাড়ীৰ মুখামুখি সংঘৰ্ষত তিনিজন লোক আহত হয়। তীব্ৰবেগী AS26 C 5211 নম্বৰৰ ডাম্পাখনে আজি পুৱা AS15 N 0487 নম্বৰৰ চাৰিচকীয়া বাহনত মুখামুখি খুন্দা মৰাৰ ফলত গাড়ীখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ভিতৰত থকা তিনিজন লোক গুৰুতৰভাৱে আহত হয়।





    আৰু পঢ়িব পাৰিব :২১টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা





    আহতসকলৰ মাজত জনতা গাঁৱৰ হানিফ আলী বেগ আৰু বালিকুৰি গাঁৱৰ ছানোৱাৰ হুছেইনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত দুজনক ১০৮এম্বুলেঞ্চৰ দ্বাৰা কলগাছিয়াৰ ‘বৰপেটা অসামৰিক চিকিৎসালয়’ত ভৰ্তি কৰা হয়।





    আৰু পঢ়িব পাৰিব :৩ কিশোৰক গছত বান্ধি শাস্তি একাংশ মৰেল পুলিচৰ





    অবৈধভাৱে বালিখনন কৰা ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে| শীঘ্ৰে বালিখনন বন্ধ কৰি তীব্ৰবেগী বাহনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে সচেতন ৰাইজে।