• কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত বনকৰ্মী নিহত

    আঞ্চলিক
    কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত বনকৰ্মী নিহত

    কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুনৰ গঁড়ৰ আক্ৰমণত এজন সুৰক্ষা কৰ্মীৰ মৃত্যু হয়।জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পহুবিল বন শিবিৰত কৰ্মৰত তথা খুমটাই নিবাসী টিপু চাহু ( ৪৮) বুধবাৰে সন্ধিয়া গঁড়ৰ আক্ৰমণত মৃত্যু হয় ।





    আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ অভিযোগ : ন্যায়ালয়ত বিমুখ এম জে আকবৰ





    ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে আন দিনৰ দৰে পহুবিলৰ বনকৰ্মী টিপু চাহুৱে আন সংগী বনকৰ্মী নতুন দাস আৰু তপন তেৰাঙৰ সৈতে অৰণ্যৰ মাজত টহল দি থাকোতে সন্ধিয়া প্ৰায় ৬বজাত বোকাবিল বন শিবিৰৰ পূৱত হঠাৎ মাকৰ সৈতে পোৱালী থকা গঁড়ৰ মুখামুখী হয়। মাক-পোৱালী গঁড়ে সুৰক্ষা কৰ্মী টিপুক আক্ৰমণ কৰিবলৈ লওতে এজাই গুলী ফুটায় যদিও বনকৰ্মীৰ টিপুৰ গুলীৰ প্ৰতি প্ৰক্ষেপ নকৰি হাত, বুকু আদিত আঘাত কৰে।





    আৰু পঢ়িব পাৰিব : এতিয়াও সকলো শেষ হোৱা নাই : কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী





    ইয়াৰ পাছতে সংগী বনকৰ্মীয়ে টিপুক গঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ পাঁচ জাই গুলী ফুটোৱাতহে আক্ৰমণকাৰী গঁড়জনীক খেদিবলৈ সক্ষম হয়। ইফালে টিপুক গঁড়ে বুকু, মুখ তথা হাত এখন আক্ৰমণ কৰি ভাঙি পেলোৱাত কিছু সময়ৰ পিছত ঘটনাস্থলীৰ পৰা কহঁৰা আদৰ্শ চিকিৎসালয়লৈ আনি থাকোতেই মৃত্যু হয়। মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যা সন্তান এৰি থৈ গৈছে।