• কামৰূপ আৰক্ষীৰ অভিযানত পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ! গ্ৰেপ্তাৰ ১

    আঞ্চলিক
    কামৰূপ আৰক্ষীৰ অভিযানত পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ! গ্ৰেপ্তাৰ ১

    উত্তৰ গুৱাহাটীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰশাসন ব্যৱস্থা কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আজি কামৰূপ আৰক্ষীৰ অভিযানত দুটা পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয় দলটো। জানিব পৰা মতে, হাজোত অবৈধ মাৰণাস্ত্ৰৰে ডকাইতৰ দলে তাণ্ডৱ সৃষ্টি কৰিছিল। 





    আৰু পঢ়িব পাৰিব : মোদী, শ্বাহক দুৰ্যোধন-দুঃশাসন আখ্যা মমতা বেনাৰ্জীৰ





    ইপিনে হাজোৰ বুল্লুটৰ চাঞ্চল্যকৰ গুলীচালনাৰ লগত জড়িত চানফুল আলী নামৰ দুৰ্ধৰ্ষ ডকাইতজনক গ্ৰেপ্তাৰ কৰে কামৰূপ আৰক্ষীয়ে। ঘটনা সংঘটিত কৰাৰ পাছত ৰঙিয়াত আত্মগোপন কৰি আছিল চানফুলে। বিগত ১৪ মাৰ্চত চানফুলে চলোৱা গুলী চালনাৰ ঘটনাত  এজন লোক নিহত হোৱাৰ লগতে আহত হৈছিল এজন। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ৰঙিয়াৰ মহকুমাধিপতিৰ নেতৃত্বত চলা এই অভিযানত আটক কৰা হয় দুৰ্ধৰ্ষ ডকাইতটোক।





    আৰু পঢ়িব পাৰিব : ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি





    আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে এক সংবাদমেল সম্বোধন কৰি কয় যে ‘দুৰ্ধৰ্ষ ডকাইত চানফুলে দীৰ্ঘদিন ধৰি তীৰ্থনগৰী হাজোত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যত জড়িত থাকি হাজোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।’





    কামৰূপ জিলা আৰক্ষীৰ এয়া এক  বৃহৎ সফলতা বুলি দাবী কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনত শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা শক্তিক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে।