• কাললৈ কুখ্যাতি! কিংবদন্তী ফুটবলাৰ মাৰাডোনাৰ ঘড়ী চুৰি কৰি আৰক্ষীৰ জালত অসমৰ যুৱক

    আঞ্চলিক
    কাললৈ কুখ্যাতি! কিংবদন্তী ফুটবলাৰ মাৰাডোনাৰ ঘড়ী চুৰি কৰি আৰক্ষীৰ জালত অসমৰ যুৱক

    ডিজিটেল ডেস্ক : বিশ্ববাসীৰ ওচৰত অসমক লজ্জিত কৰিলে এটা চোৰে৷ আৰ্জেন্টিনাৰ কিংবদন্তী ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰি আৰক্ষীৰ জালত পৰিল শিৱসাগৰৰ এজন যুৱক৷ মহান ফুটবলাৰজনৰ ঘড়ী চুৰি কৰি পলায়ন কৰিছিল যুৱকজনে৷ অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে শুকুৰবাৰে নিশা চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইন নামৰ লোকজনক৷









    লোকজন গ্ৰেপ্তাৰ হোৱাৰ পাছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি প্ৰচাৰ হৈছে আৰু ইয়াক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। যাৰ ফলত লোকলজ্জাৰ সন্মুখীন হ’বলগীয়া হৈছে অসমৰ জনগণ৷
    আৰক্ষীয়ে জনোৱা মতে, ডুবাইত এটা কোম্পানীত কৰ্মৰত হৈ থকা অৱস্থাতে ৱাজিদে চুৰ কৰিছিল ফুটবলৰ ৰাজপুত্ৰৰ ঘড়ীটো৷ যোৱা ১৫ আগষ্টত ডুবাইৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ৱাজিদে৷ ৱাজিদক গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাৰাডোনাৰ HUBLOT ঘড়ীটো৷ শিৱসাগৰৰ বণিয়াবাৰীৰ ৱাজিদে মৰাণহাটৰ শহুৰেকৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷





    উল্লেখ্য যে  বিখ্যাত ছুইচ ঘড়ী নিৰ্মাতা কোম্পানী HUBLOT-এ ঘড়ী প্ৰিয় মাৰাডোনাক বিশেষভাৱে নিৰ্মিত একমাত্ৰ ঘড়ীটো উপহাৰ হিচাপে দিছিল। য'ত মাৰাডোনাৰ স্বাক্ষৰ সংযোজিত কৰিছিল HUBLOT য়ে । যিটো ঘড়ী মাৰাডোনাৰ বাবে বনোৱা মাষ্টাৰপিচ ঘড়ী আছিল৷ উল্লেখ্য যে International Cooperation Act অনুসৰি Indian Federal LEA ৰ জৰিয়তে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীক মাৰাডোনাৰ ঘড়ী চুৰিত জড়িত ৱাজিদক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ ফলতে কালি আৰক্ষীৰ জালত পৰে ৱাজিদ হুছেইন৷ ইফালে আৰক্ষীৰ জালত পৰা ৱাজিদে ঘড়ীটো তাক নাইজেৰিয়াৰ ডেৰিক নামৰ বন্ধু এজনে উপহাৰ দিয়া বুলি আৰক্ষীৰ আগত জানিবলৈ দিছে।





    কিংবদন্তী ফুটবলাৰগৰাকীৰ ঘড়ী চুৰি কাৰ্যক লৈ খলকনি লাগিছিল ডুবাই তথা আন্তঃৰাষ্ট্ৰীয় মহলত৷ ঘড়ীটো চুৰি কৰাৰ পাছতে অসমৰ বিভিন্ন ঠাইত আত্মগোপন কৰি আছিল অভিযুক্ত ৱাজিদ৷ কিন্তু এই দুষ্কাৰ্য কৰি তেওঁ সাৰি যাবলৈ সক্ষম নহ’ল আৰু শুকুৰবাৰে অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে তেওঁক জালত পেলাবলৈ সক্ষম হ’ল। ৱাজিদৰ কাললৈ কুখ্যাতি ৰখা কাৰ্যক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।