জীৱন শৈলী
হোজাই : হোজাইৰ যমুনা গাঁৱৰ পৰা কুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰে আৰক্ষীয়ে৷ হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত কালি নিশা অভিযান চলাই নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ পৰা ১১গৰাকী কিশোৰী-যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰু পঢ়িব পাৰিব : ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ !
উল্লেখ্য যে, নাৰী দেহ সৰবৰাহকাৰী চক্ৰৰ এজন যুৱক, এগৰাকী যুৱতী আৰু তিনিগৰাকী মহিলাক আটক কৰা হৈছে বুলি হোজাই জিলা উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে সদৰী কৰে৷ মোৰাঝাৰ থানাৰ অন্তৰ্গত যমুনা গাঁৱৰ এখন ঘৰৰ পৰা ৯টা কাপোৰৰ বেগ উদ্ধাৰ কৰাৰ লগতে স্থানীয় এগৰাকী মহিলাৰ সহযোগত গাঁওখনৰ পথাৰৰ পৰা আৰক্ষীয়ে কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰে ৷
আৰু পঢ়িব পাৰিব : জঘন্য : ৭ বছৰীয়া শিশুক ধৰ্ষণ, চলালে হত্যাৰ চেষ্টাও
নিশা গোপন অভিযান চলাই স্থানীয় ৰাইজ, বিডিপিৰ সহযোগত উদ্ধাৰ কৰে যুৱতীকেইগৰাকীক৷ তিনিচুকীয়াৰ পৰা এই ১১গৰাকী কিশোৰীক অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ নিশা কিশোৰীকেইগৰাকীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল৷ কিন্তু সেই সময়তে আৰক্ষীয়ে অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
Leave A Comment