• কৃষ্ণাংগৰ বিৰুদ্ধে বৰ্ণবিদ্বেষৰ ইন্ধন যোগাইছিল ডিভিলিয়াৰ্ছে , তালিকাত আছে আন তাৰকা ক্ৰিকেটাৰো...

    আঞ্চলিক
    কৃষ্ণাংগৰ বিৰুদ্ধে বৰ্ণবিদ্বেষৰ ইন্ধন যোগাইছিল ডিভিলিয়াৰ্ছে , তালিকাত আছে আন তাৰকা ক্ৰিকেটাৰো...

    নতুন দিল্লীঃ পুনৰ বৰ্ণবাদৰ অভিযোগত সাঙোৰ খাইছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট। দেশখনৰ অন্যতম তাৰকা ক্ৰিকেটাৰ গ্ৰেম স্মিথ, এবি ডিভিলিয়াৰ্ছ আৰু মাৰ্ক বাউচাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। দক্ষিণ আফ্ৰিকাৰ সামাজিক ন্যায় আৰু ৰাষ্ট্ৰ নিৰ্মাণ আয়োগে ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে বৰ্ণবাদত ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন কৰা বুলি জানিবলৈ পোৱা গৈছে।





    আয়োগে দাখিল কৰিছে ২৩৫ পৃষ্ঠাৰ প্ৰতিবেদন। ক্ৰিকেট ব'ৰ্ডৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ সঞ্চালক স্মিথ, বৰ্তমানৰ প্ৰশিক্ষক বাউচাৰ আৰু প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডিভিলিয়াৰ্ছৰ নাম আছে এই তালিকাত। এই তিনিওজন ক্ৰিকেটাৰে কৃষ্ণাংগ ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে বৰ্ণবিদ্বেষী আচৰণ কৰা বুলি জনাইছে আয়োগে। এই গুৰুতৰ সমস্যাটো সমাধানৰ বাবে স্থায়ী লোকপাল নিয়োগ কৰিবলৈ পৰামৰ্শ দিছে আয়োগে।






    কিছুদিন পূৰ্বে বাউচাৰে সদৰী কৰিছিল যে, ‘সতীৰ্থ পল এডামছক এটা ছদ্মনাম দিছিলো, যিটো বৰ্ণবিদ্বেষী আছিল। প্ৰতিজন সতীৰ্থই সেই ছদ্মনামটোৰেই এডামছক মাতিছিল আৰু ঠাট্টা-মস্কৰা কৰিছিল।’ অৱশ্যে, বাউচাৰৰ মন্তব্যক অস্বীকাৰ কৰিছে ডিভিলিয়াৰ্ছে । ডিভিলিয়াৰ্ছে কয়, ‘মই এই তদন্তৰ সপক্ষে থিয় দিম। সকলোৰে দাবীক মই সমৰ্থন জনাওঁ। মই সদায় মোৰ ক্ৰিকেট জীৱনত দলটোৰ ভালৰ বিষয়ে চিন্তা কৰিছো। মই কাৰো শৰীৰৰ বৰণক লৈ কোনোধৰণৰ মন্তব্য কৰা নাই।’