• কেন্দ্ৰীয়মন্ত্ৰী অনুৰাগ সিং ঠাকুৰক সাক্ষাৎ ‘এনবিএফ’ৰ প্ৰতিনিধিৰ

    আঞ্চলিক

    নতুন দিল্লী: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰক সাক্ষাৎ কৰিলে নিউজ ব্ৰডকাষ্টাৰ্ছ ফেডাৰেশ্যন, চমুকৈ ‘এনবিএফ’ৰ এটা প্ৰতিনিধিৰ দলে। ‘এনবিএফ’ৰ সভাপতি অৰ্ণৱ গোস্বামী, উপ-সভাপতি ড০ সঞ্জীৱ নাৰায়ণকে ধৰি কেইবাজনো বিষয়ববীয়াই কেন্দ্ৰীয় মন্ত্ৰীজনক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

    ‘এনবিএফ’ক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনক ধন্যবাদ জ্ঞাপন কৰে সংগঠনটোৱে। ‘এনবিএফ’-এ আয়োজন কৰিবলগীয়া এটা বৃহৎ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে। এই অনুষ্ঠানটো একে সময়তে ৫০টা চেনেলত পোনপটীয়াভাৱে সম্প্ৰচাৰ হ’ব।

    লক্ষ্যণীয় যে, দেশৰ প্ৰথমটো স্বীকৃতিপ্ৰাপ্ত মিডিয়া সংগঠনত পৰিণত হ’ল ‘এনবিএফ’। ‘এনবিএফ’ৰ হৈ কেন্দ্ৰীয় মন্ত্ৰীজনক ধন্যবাদ জ্ঞাপন কৰে সংগঠনটোৰ উপ-সভাপতি তথা ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে।

    Weather Forecast