• কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পলাশনিত দুৰ্বৃত্তৰ গুলীচালনা : আহত এজন

    আঞ্চলিক
    কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পলাশনিত দুৰ্বৃত্তৰ গুলীচালনা : আহত এজন

    গুৱাহাটীঃ ২৫ ফেব্ৰুৱাৰীত এলানি বিস্তৃত কাৰ্যসূচী লৈ নগাঁৱত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে নগাঁৱৰ আৰক্ষী-প্ৰশাসন । কিন্তু তাৰ পাছতো নগাঁৱত দুৰ্বৃত্তৰ দ্বাৰা গুলীচালনা ৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ।





    আৰু পঢ়িব পাৰিব : বিবাহৰ দিনাই ৰক্তদান কৰি চৰ্চাত দম্পতি





    নগাঁৱৰ পলাশনিত নিশা অবৈধ মাৰণাস্ত্ৰধাৰীৰ গুলীচালনাত আহত হৈছে এটা ব্যক্তিগত দুগ্ধ প্ৰতিষ্ঠানত কৰ্মৰত ধিঙৰ প্ৰণৱ নাথ নামৰ যুৱক এজন। এখন মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই যুৱকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে ।





    আৰু পঢ়িব পাৰিব : ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক’ভিড সংক্ৰমণ !





    এই ঘটনাৰ পাছতো নগাঁও আৰক্ষীয়ে ৰূপহী আৰক্ষীৰ সহযোগত তদন্ত আৰম্ভ কৰিছে যদিও কোনোধৰণৰ অগ্ৰগতি লাভ কৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত অবৈধ মাৰণাস্ত্ৰধাৰীৰ দ্বাৰা নগাঁৱত সংঘটিত এই ঘটনাক লৈ এতিয়া আতংকিত হৈ পৰিছে নগাঁওবাসী।