National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
গুৱাহাটী: আজি গুৱাহাটীস্থিত ‘ছেবা’ৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত সংবাদমেলযোগে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে৷ কেৱল কলেজত নামভৰ্তিৰ বাবেহে মূল্যায়ন কৰা এই নম্বৰ প্ৰযোজ্য হ'ব৷ ভৱিষ্যতে চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নম্বৰ৷
মেট্ৰিকৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীৰ অধ্যক্ষ ডঃ অলক কুমাৰ বুঢ়াগোহাঁইই কয় যে নৱম শ্ৰেণীৰ ফলাফল আমাৰ হাতত আছে। তাৰে প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ, দশম শ্ৰেণীৰ পৰা ৪০ শতাংশ আৰু ২০ শতাংশ বিদ্যালয় কৰ্তৃপক্ষই দিব৷ ইয়াৰোপৰি যিবোৰ বিদ্যালয়ত দশম শ্ৰেণীৰ তথ্য নাই তেওঁলোকৰ ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰা আৰু ৩০ শতাংশ বিদ্যালয় কৰ্তৃপক্ষই দিব৷ বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়ে সিদ্ধান্ত ল'ব।
ভৱিষ্যতে সকলো বিকল্প বা দ্বাৰ মোকলাই ৰাখিবৰ বাবে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব৷ অসম চৰকাৰৰ টেট শিক্ষক বা বিভিন্ন বিভাগৰ চাকৰিত যি বিভাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰৰ গণনা হয় তাতে এই মূল্যায়ন জৰিয়তে পোৱা ফলাফল প্ৰযোজ্য নহ'ব৷ আবেদনকাৰী এজন হ’লেও পৰীক্ষা পতা হ'ব৷ প্ৰয়োজন সাপেক্ষে ২০২২ চনত পৰীক্ষা হ'ব বুলি জানিবলৈ দিয়ে৷
উচ্চতৰ মাধ্যমিকৰ বাবে গঠন কৰা কমিটীৰ অধ্যক্ষ ডঃ দীপক কুমাৰ শৰ্মাই জনোৱা মতে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ বাবে মেট্ৰিকৰ বেষ্ট অব্ থ্ৰী(বেছি নম্বৰ পোৱা ৩টা বিষয়)ৰ পৰা আহিব ৫০ শতাংশ নম্বৰ৷ ৩০ শতাংশ আহিব প্ৰেক্টিকেল পৰীক্ষাৰ পৰা৷ ১০ শতাংশ আহিব শিক্ষানুষ্ঠানৰ পৰা আৰু ১০ শতাংশ নম্বৰ দিব শিক্ষা সংসদে৷ প্ৰেক্টিকেল নথকা শাখাত ৪০শতাংশ নম্বৰ আহিব দুবছৰৰ আভ্যন্তৰীণ মূল্যায়নৰ পৰা৷ এইবাৰ ছাত্ৰ-ছাত্ৰীৰ কোনো স্থান নথকাৰ লগতে ষ্টাৰ, ডিষ্টিংশ্যনো দিয়া নহয়৷
অৱশ্যে ছাত্ৰ ছাত্ৰীয়ে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব৷ ১৫ ছেপ্টেম্বৰৰ ভিতৰত মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ'ব৷ কোনো ছাত্ৰ-ছাত্ৰী সন্তুষ্ট নহ’লে পৰীক্ষা দিব পাৰিব৷
Leave A Comment