National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
কোকৰাঝাৰঃ অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিনমান বাকী। নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে প্ৰশাসন ব্যৱস্থা। ৰাজ্যজুৰি বাট-পথত প্ৰশাসনে চলাইছে তালাচী অভিযান। কোকৰাঝাৰতো জিলা প্ৰশাসনে জব্দ কৰিছে বহু পৰিমাণৰ গাঁজা।
আৰু পঢ়িব পাৰিব : সাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক’ভিড-১৯ আক্ৰান্ত…
এখন ৱেগ’নাৰ বাহনেৰে গুৱাহাটী পৰা কোকৰাঝাৰলৈ আহি থকা সময়তে কাৰিগাঁৱৰ পথত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৪০ কিলোগ্ৰাম গাঁজা । কাৰিগাঁও উপ-আৰক্ষীৰ অন্তৰ্গত কাৰিগাঁৱৰ পথত আৰক্ষীয়ে নিয়মীয়া তালাচীত গাঁজাসহ তিনিজন ধৃত ব্যৱসায়ীক আটক কৰে।
আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ডত ২০০ৰো অধিক কুকুৰাসহ সম্পত্তি ভস্মীভূত
আটকাধীন গাঁজা সৰবৰাহীকেইজন ক্ৰমে- গুৱাহাটীৰ ৰাহুল আলী, বিহাৰৰ ৰাম কুমাৰ আৰু ধীৰাজ সিং বুলি আমাৰ হাতলৈ তথ্য আহিছে। গুৱাহাটীৰ পৰা কঢ়িয়াই অনা গাঁজাখিনি কোকৰাঝাৰ ৰে’ল ষ্টেচনলৈ আনি বিহাৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীকেইজনে।
Leave A Comment