• কোটিটকীয়া কেলেংকাৰি! আইএএছ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

    আঞ্চলিক
    কোটিটকীয়া কেলেংকাৰি! আইএএছ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

    ডিজিটেল ডেস্কঃ ৰাজ্যৰ শাসনৰ বাঘজৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ যোৱাৰ পাছৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশাসন সষ্টম হোৱা পৰিলক্ষিত হৈছে। তথাপি বৰ্তমানেও ভিন্ন বিভাগৰ কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে। এইবাৰ পোহৰলৈ আহিছে সমবায় বিভাগত সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰিৰ তথ্য৷ সমবায় বিভাগৰ ১ কোটি ১১ লাখ টকাৰ কেলেংকাৰি ফাদিল হৈছে।





    এইবাৰ চকী-মেজ ক্ৰয়ৰ নামত লুণ্ঠন চলিছে সমবায় বিভাগত৷ কেলেংকাৰিত সাঙোৰ সাইছে আইএএছ বিষয়া দেৱজ্যোতি হাজৰিকাৰ নাম। আমালৈ অহা খবৰ অনুসৰি, পঞ্জীয়ক হিচাপে কৰ্মৰত অৱস্থাতে হাজৰিকাই সংঘটিত কৰিছিল এই বৃহৎ কেলেংকাৰি। বিভাগটোৰ ৫৩টা কাৰ্যালয়ত সামগ্ৰী যোগান ধৰাৰ নামত হৈছিল কেলেংকাৰি। দুৰ্নীতি-অনিয়মেৰে নিবিদা আহ্বান কৰিছিল দেৱজ্যোতি হাজৰিকাই। ‘A J Enterprise’ আৰু ‘Sharpez Associate’ক দিছিল সামগ্ৰী যোগানৰ ঠিকা। কিন্তু সামগ্ৰী যোগান নধৰাকৈয়ে কোটি টকা মোকলাই দিছিল হাজৰিকাই। লগতে কেলেংকাৰিত নাম সাঙোৰ খাইছে কাৰ্যালয়ৰ অতিৰিক্ত পঞ্জীয়ক দীপা দাস, পঞ্জীয়ক বৰ্ণালী তামুলী আৰু নাজিৰ মুকুল দাসৰো।