Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
ইষ্টাডিঅ’ : দেওবাৰে পুৱা উৰুগুৱে আৰু কলম্বিয়াৰ মাজত কোপা আমেৰিকাৰ তৃতীয় কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হয়।গ’ল শূণ্য খেলখন নিৰ্ধাৰিত সময়ত ইতি পৰে। খেলৰ ১২মিনিটত কলম্বিয়াৰ হৈ উইলিয়াম টেছিল’ই এটা সুযোগ পাইছিল যদিও গ’ল দিবলৈ সক্ষম ন’হল। ১৯মিনিটত পুনৰ সুযোগ হেৰুৱায় কলম্বিয়াই। খেলৰ ৩৪মিনিটত ফ্ৰেডৰিকো ভালভৰ্দেৰ পৰা বল লাভ কৰে উৰুগুৱেৰ মিডফিল্ডাৰ আৰেছকায়েটাই। বিফল হয় উৰুগুৱে।
প্ৰথমাৰ্দ্ধৰ খেল গ’ল শূণ্যৰে সামৰণি পৰে।দ্বিতীয়াৰ্দ্ধৰ খেলত দুয়োটা দলৰ হতাশাজনক প্ৰদৰ্শনে নিৰাশ কৰিছে ক্ৰীড়া অনুৰাগীক। কাভানিয়া,ছুয়েৰাজৰ কোনো এজনকে সপ্ৰভ দেখিবলৈ পোৱা নগ’ল।সেইবাবে প্ৰতিপক্ষৰ ডিফেণ্ডাৰৰ ওপৰত চাপ সৃষ্টি কৰিব পৰা নাছিল দলটোৱে।নিৰ্দ্ধাৰিত সময়ত এটা দলেও গ’ল দিব নোৱাৰিলে। অৱশেষত খেলৰ নিষ্পত্তি হয় ট্ৰাইবেকাৰত। ট্ৰাইবেকাৰত ৪-০গ’লৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি কলম্বিয়াই বিজয়ী হাঁহি মাৰে। বিশ্ব চেম্পিয়ন উৰুগুৱেক পৰাভূত কৰি ছেমি ফাইনেললৈ ইন্নীত হৈছে কলম্বিয়া। ছেমিফাইনেলত দলটোৱে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব।
Leave A Comment