• কোপা আমেৰিকা: চিলিৰ স্বপ্নভংগ, ছেমিফাইনেলত ব্ৰাজিল

    আঞ্চলিক
    কোপা আমেৰিকা: চিলিৰ স্বপ্নভংগ, ছেমিফাইনেলত ব্ৰাজিল

    ব্ৰাজিল: কোপা আমেৰিকাৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত জয় আঁজুৰি আনিলে বিশ্ব চেম্পিয়নশ্বিপ ব্ৰাজিলে। আজি অনুষ্ঠিত খেলখনত চিলিৰ বিৰুদ্ধে ১-০গ’লৰ ব্যৱধানত বিজয়ী হয় দলটো। টুৰ্নামেণ্টৰ ছেমিফাইনেলত ব্ৰাজিলে পেৰুৰ বিৰুদ্ধে খেলিব। আৰম্ভণিৰেপৰাই ৰোমাঞ্চকৰ হৈ উঠিছিল কোপা আমেৰিকাৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলৰ খেলখন। খেলখনৰ প্ৰথমাৰ্দ্ধত কোনো এটা দলে গ’ল দিবলৈ সক্ষম নহ’ল। আয়োজক দেশ ব্ৰাজিলে চমকপ্ৰদ প্ৰদৰ্শন দেখুৱায়। প্ৰথমাৰ্দ্ধৰ খেলত ফাৰ্মিনহোৰ, ডেনীলোৰ চেষ্টা অথলে যায়।





    চিলিৰ গোলৰক্ষক ব্ৰাভোই কেইবাটাও শ্বট নিয়ন্ত্ৰণ কৰে। অৱশ্যে, চিলিৰ খেলুৱৈয়ে বল দখল কৰিব নোৱাৰাত ব্ৰাজিলৰ গ’লৰক্ষক এডাৰছনৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাছিল। খেলৰ দ্বিতীয়াৰ্দ্ধৰ আৰম্ভণিতে ব্ৰাজিলে নিৰ্ণায়ক গ’লটো দিবলৈ সক্ষম হয়। লুকাছ পাকুৱেটাই দলক ১-০ গ’লৰ অগ্ৰগতি দিয়ে। খেলৰ ৬১ মিনিটত চিলিয়ে গ’ল দিবলৈ সক্ষম হয়। কিন্তু ইছলাইৰ অফছাইডৰ বাবে ৰেফাৰীয়ে গ’ল নাকচ কৰে। খেলৰ অন্তিম মুহূৰ্তলৈ প্ৰত্যাৱৰ্তনৰ বাবে যথেষ্ট চেষ্টা কৰে চিলিয়ে। কিন্তু নেইমাৰ বাহিনীৰ ৰণকৌশলত বিপৰ্যস্ত হয় পেৰু। নিৰ্ধাৰিত সময়ত গ’ল আয়ত্ত কৰিব নোৱাৰিলে চিলিয়ে। কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় মাগিলে চিলিয়ে। আনহাতে, বিজয়ী দল ব্ৰাজিলে পেৰুৰ বিৰুদ্ধে ছেনিফাইনেলত অৱতীৰ্ণ হ’ব।