Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ট’কিঅ’ : ভাৰতীয় বক্সাৰ সতীশ কুমাৰে তেওঁৰ প্ৰথম অলিম্পিক গেমছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বৃহস্পতিবাৰে অনুষ্ঠিত খেলখনত সুশীলৰ আৰম্ভণি বাউটত পৰাভূত হয় জামাইকাৰ ৰিকাৰ্ডো ব্ৰাউন। অলিম্পিকৰ মঞ্চত ২গৰাকী নৱাগত খেলুৱৈৰ যুঁজত সতীশ কুমাৰে ৪-১ৰ ব্যৱধানত জয়লাভ কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী সতীশ কুমাৰে সোঁ-হাতেৰে আধিপত্য বিস্তাৰ কৰিছিল আৰু ব্ৰাউনক বাৰে বাৰে লাং কৰিবলৈ দিছিল। ১৯৯৬ চনৰ পৰা খেলৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁৰ দেশৰ প্ৰথমগৰাকী বক্সাৰ। ৩১ বছৰীয়া ব্ৰাউন উদ্বোধনী অনুষ্ঠানত জামাইকাৰ পতাকাবাহক আছিল।
২বাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী ৩২বছৰীয়া ভাৰতীয় বক্সাৰগৰাকীক ব্ৰাউনৰ দুৰ্বল ফুটৱৰ্কে গোটেই বাউটটোত সহায় কৰিছিল। সতীশ কুমাৰৰ এই বিজয়ত উল্লাসিত দেশবাসী। পৰৱৰ্তী খেলখনত তেওঁৰ প্ৰতিদ্বন্দ্বীৰূপে অৱতীৰ্ণ হ’ব উজৱেকিস্তানৰ বাখোডীৰ জালোল’ভ। উল্লেখ্য যে, বাখোডীৰ জালোল’ভ বিশ্ব আৰু এছিয়ান চেম্পিয়নশ্বিপ বক্সাৰ। জালোল’ভে তেওঁৰ অন্তিম-‘১৬’ৰ বাউটত আজাৰবাইজানৰ মহম্মদ আব্দুল্লায়েভক ৫-০ৰ ব্যৱধানত আউট-পাঞ্চ কৰিছিল।
Leave A Comment