North East
লৰ্ডছঃ প্ৰেছবক্সত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। তেওঁৰ কাষত বহি আছে তেওঁৰ প্ৰিয় জেফ্ৰী বয়কট। ছবিখন দূৰদৰ্শনৰ পৰ্দাত বন্দী হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল আনন্দিত হৈ পৰিছে। ভাৰত বনাম ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ প্ৰথমদিনা সৌৰভ গাংগুলীয়ে লৰ্ডছ খেলপথাৰত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয় টেষ্ট উপভোগ কৰিছে। উল্লেখ্য যে, ডাৰহাম টেষ্টত ইংলেণ্ডলৈ আহিব পৰা নাছিল সৌৰভ গাংগুলীয়ে।
বিচিচিআইৰ সচিব জয় শ্বাহ, ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লা, ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ট’ম হেৰিছনে সৌৰভ গাংগুলীৰ সৈতে বহি খেল উপভোগ কৰিছিল। সৌৰভ গাংগুলীৰ পত্নী ডোনা গাংগুলীকো লৰ্ডছৰ ষ্টেডিয়ামত দেখা পোৱা গৈছিল। সৌৰভ গাংগুলীক ষ্টেণ্ডত বহি থকা সময়ত ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন জেফ্ৰী বয়কটৰ সৈতে দীঘলীয়া আলোচনা কৰা পৰিলক্ষিত হৈছিল।
আমোদজনকভাৱে, জেফ্ৰী বয়কটে সৌৰভ গাংগুলীক ‘প্ৰিন্স অব্ কলিকতা’ বুলি অভিহিত কৰিছিল। উল্লেখ্য যে, ইংলেণ্ডে ৮ আগষ্টত ভাৰতীয় পৰ্যটকসকলৰ বাবে কিছু পৰিমাণে ক’ভিড নিষেধাজ্ঞা শিথিল কৰিছে। অৱশ্যে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ বাবে এই শিথিলতা প্ৰযোজ্য হ’ব বুলি জানিবলৈ দিছে। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে মঙলবাৰে লৰ্ডছৰ খেলপথাৰত দ্বিতীয়খন টেষ্ট মেচ উপভোগ কৰিবলৈ লণ্ডনলৈ ৰাওনা হৈছিল।
টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ইংলেণ্ড দলৰ অধিনায়ক জ’ ৰুটে। শ্বাৰ্দুল ঠাকুৰ পৰিৱৰ্তে আজি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম একাদশত স্থান লাভ কৰিছে ঈশান্ত শৰ্মাই। আনফালে, দ্বিতীয় টেষ্টতো প্ৰথম একাদশত স্থান নিশ্চিত কৰিব নোৱাৰিলে অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে।
Leave A Comment